America : আমেৰিকাত গৰ্ভাৱস্থাত ১,২০৫ মহিলাৰ মৃত্যু , ৬০ বছৰৰ সৰ্বাধিক গৰ্ভৱতীৰ মৃত্যু

pregnantwomansittingonbed 1679086601

America :

আমেৰিকাত বিগত ৬০ বছৰত গৰ্ভ ধাৰণজনিত কাৰণত মহিলাৰ মৃত্যুৰ হাৰ যথেষ্ট বৃদ্ধি পালে। চেণ্ট্ৰেল ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্রিভেনচন (চিডিচি)ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি সন্তান জন্মৰ সময়ত ২০২১ বৰ্ষত আমেৰিকাত ১২০৫ মহিলাই প্ৰাণ হেৰুৱালে ৷

ADVERTISEMENT

২০২০ বৰ্ষত দেশখনত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা আছিল ৮৬১ গৰাকী। একেদৰে ২০১৯ বৰ্ষত গৰ্ভাৱস্থাৰ সময়ত ৭৫৪ গৰাকী মার্কিন মহিলাৰ মৃত্যু হৈছিল।

চিডিচিৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা অনুসৰি, শ্বেতাংগ মহিলাৰ তুলনাত কৃষ্ণাংগ মহিলাৰ গৰ্ভাৱস্থাত মৃত্যুৰ সংখ্যা অধিক আছিল।

২০২১ বৰ্ষত ২৬.৬ শতাংশ শ্বেতাংগ মহিলাৰ আৰু ৬৯.৯ শতাংশ কৃষ্ণাংগ মহিলাৰ প্ৰসৱজনিত কাৰণত দেশখনত মৃত্যু হৈছিল।

Exit mobile version