Cm Himanta Biswa Sarma Speech In Assembly: সদনত কংগ্ৰেছ বিধায়কৰ প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰীৰ তথ্য

ৰাজ্যত যোৱা ছবছৰত সংঘটিত হয় ১,৭০,১৭৪টা নাৰীজনিত অপৰাধৰ ঘটনা

WhatsApp Image 2023 03 20 at 18.03.05 1

Cm Himanta Biswa Sarma Speech In Assembly:

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। যোৱা ছটাবছৰত ৰাজ্য খনত মুঠ নাৰীজনিত অপৰাধৰ ঘটনা সংঘটিত হয় ১,৭০,১৭৪ টা ৷ ইয়াৰে নাৰীজনিত অপৰাধৰ হত্যাকাণ্ড সংঘটিত হৈছে ১৬০৬ টা ৷

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনত কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে নাৰীজনিত প্ৰশ্নোত্তৰত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উল্লিখিত তথ্য সদনত দাঙি ধৰে ৷

উল্লেখ্য যে, দেশৰ ভিতৰত অসমত দিনক দিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনাৱলী । ৰাজ্যত ২০১৬ বর্ষৰ পৰা চলিতবৰ্ষলৈকে ১,৭০,১৭৪ টা নাৰীজনিত অপৰাধৰ ঘটনা সংঘটিত হৈছে ৷ ইয়াৰে এই ঘটনাত মৃত্যু হৈছে প্ৰায় ১৬০৬ টা ৷

মুখ্যমন্ত্ৰীয়ে সদনত দাঙি ধৰা তথ্য অনুসৰি ২০১৬ ৰ পৰা চলিতবৰ্ষৰ ফেব্ৰুৱাৰীলৈকে ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ১২,৩৩১টা ৷ ডাইনী অন্ধবিশ্বাসৰ ঘটনাত হত্যাৰ বলি হৈছে ৭৪ গৰাকী মহিলা।

আনহাতে  ২০১৮ ত ২৮১টা,২০১৯ ত ২৫৯ টা,২০২২ত ২৪৬ টা ধৰ্ষণ আৰু বলৎকাৰৰ ঘটনা হৈছে ৷

Exit mobile version