Covid- 19 : দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ , পুনৰ নিষেধাজ্ঞা ?

Corona

Covid- 19 :

এইচ৩এন২ ভাইৰাছ আৰু ইনফ্লুৱেঞ্জাৰ মাজত পুনৰ আশংকা বৃদ্ধি কৰিছে কৰ’নাই । কেবামাহৰো পাছতো, দেশত দৈনিক ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা নশ অতিক্ৰম কৰিছে।

ADVERTISEMENT

সতৰ্ক হ’বলৈ আৰু কি বিধি নিষেধ জাৰি নকৰিব পাৰে কেন্দ্ৰই । ইতিমধ্যে ইয়াক লৈ প্ৰশ্ন উত্থাপিত হ’বলৈ আৰম্ভ কৰিছে। সোমবাৰে ইয়াক লৈ এখন উচ্চ-পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত মুঠ ৯১৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমান, দেশত ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা ৬,৩৫০ জন । দৈনিক পজিটিভ হাৰ ২.০৮ শতাংশলৈ বৃদ্ধি পাইছে।

ইয়াৰ ফলস্বৰূপে, ভাৰতত মুঠ কৰ’না সংক্ৰমণৰ সংখ্যা হৈছে ৪.৪৬ কোটি। বিগত ২৪ ঘণ্টাত, ৪৪ হেজাৰৰো অধিক কৰ’না পৰীক্ষা কৰা হৈছে।

শেহতীয়াকৈ, এডেনো আৰু ইনফ্লুৱেঞ্জাৰ প্ৰকোপত উদ্বেগ বাঢ়িছে দেশবাসীৰ । যিদৰে শিশু এডেনোৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক, তেনেকৈয়ে জ্বৰ আৰু ইনফ্লুৱেঞ্জাত ভুগিছে প্ৰাপ্তবয়স্কসকল।

ইয়াৰ মাজতে, কৰ’নাই এতিয়াও ইয়াৰ অস্তিত্ব প্ৰমাণ কৰি আছে। সেয়েহে স্বাস্থ্য বিষয়া আৰু কেন্দ্ৰৰ মন্ত্ৰীসকলে এখন উচ্চ পৰ্যায়ৰ বৈঠকত হোৱাৰ সম্ভৱনা আছে ।

অৱশ্যে জনবহুল অঞ্চলত মাস্ক পৰিধান , ছেনিটাইজাৰ ব্যৱহাৰ কৰা বিষয়সমূহ পুনৰ ঘুৰি আহিব বুলি অনুমান কৰা হৈছে ।

Exit mobile version