Seba’s Controller Of Examinations Interrogated At CID Office:চি আই ডিৰ কাৰ্যালয়ত সোধপোছ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক সহ দুই কৰ্মচাৰী

WhatsApp Image 2023 03 20 at 17.34.11

Seba’s Controller Of Examinations Interrogated At CID Office :

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মহানগৰীৰ একাংশ শিক্ষাৰ্থী শ্ৰেণীকোঠা এৰি বামুণীমৈদামস্থত অসম মাধ্যমিক শিক্ষা পৰিষদৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰিছিল ৷

আছু সহ বিভিন্ন দল-সংগঠনে শিক্ষামন্ত্ৰী,ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ পদত্যাগৰ দাবী উদ্থাপন কৰিছিল আনকি অসম বিধানসভাৰ বাজেট অধিবেশনতো বিৰোধী দলৰ বিধায়কে প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে চৰকাৰক তীব্ৰ সমলোচনাৰে থকাসৰকা কৰাৰ মাজতে ইতিমধ্যে প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্ত কৰি থকা চি আইডিৰ তলব অনুসৰি আজি দুপৰীয়া ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক সহ দুই কৰ্মচাৰী উপস্থিত হয় চি আই ডিৰ হেডকোৱাৰ্টাৰত ৷

চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হোৱা ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শর্মা,কাৰ্যালয় সহায়ক কুশল দাস আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক বহু সময় ধৰি সোধপোছ কৰে জ্যেষ্ঠ চি আই ডি বিষয়াই ৷

প্ৰাপ্ত খবৰ অনুসৰি ছেবাৰ নিয়ন্ত্ৰকে চি আই ডি কাৰ্যালয়লৈ লগত আনিছিল বহু নথি পত্ৰ

Exit mobile version