Delhi Assembly Badget Will Not Be Presented Today : দিল্লী বিধানসভাত বাজেট উত্থাপনত বাধা আৰোপ গৃহ মন্ত্ৰণালয়ৰ

আপৰ তীব্ৰ প্ৰতিক্ৰিয়া : এইয়া কেন্দ্ৰৰ গুণ্ডামি

419eaa06 cbcd 4679 95e2 a2513cf08296

Delhi Assembly Badget Will Not Be Presented Today :

দেশৰ সংসদীয় ইতিহাসত মঙলবাৰে সংঘটিত হয় এক অস্বাভাৱিক ঘটনা ৷ দেশৰ ৰাজধানী অঞ্চল দিল্লীৰ শাসনত থকা আপৰ চৰকাৰে ৰাজ্য বিধানসভাত দাখিল কৰিবলগীয়া বাজেট উত্থাপনত বাধা আৰোপ কৰে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে ,আজি দিল্লী বিধানসভাত আপ চৰকাৰে২০২৩-২৪ বৰ্ষৰ বাজেট দাখিলৰ কথা আছিল ৷ কিন্ত বাজেট দাখিলৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰৰ জৰিয়তে বাজেট উত্থাপনত বাধাৰোপ জাৰি কৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি ,কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে দিল্লী চৰকাৰৰ পৰা বিজ্ঞাপন সহ তিনিটা বিষয় সম্পৰ্কত উত্তৰ বিচাৰিছিল ৷ কিন্ত মঙলবাৰ পৰ্যন্ত কোনো উত্তৰ গৃহ মন্ত্ৰণালয়ক দিয়া নাই ৷

আনহাতে সদনত বাজেট দাখিল কৰিব নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীলৈ এক পত্ৰ লিখি উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী মহোদয় ,দিল্লী জনতাৰ ওপৰত কিয় খং কৰিছে ৷ অনুগ্ৰহ কৰি বাজেট খন দাখিল কৰিবলৈ দিয়ক ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰক তিৰ্যক আক্ৰমণ কৰি কয়,দেশত হয়টো এইটোৱে প্ৰথম ঘটনা ৷ য’ত এখন নিৰ্বাচিত চৰকাৰক বাজেট দাখিলৰ এদিনৰ পূৰ্বে নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ এইয়া কেন্দ্ৰৰ গুণ্ডামি ৷

ইপিনে আজি দিল্লী বিধানসভাৰ বাজেট অধিৱেশনত সদনত বিত্ত মন্ত্ৰী কৈলাশ গেহলৌতে কয়, কেন্দ্ৰই বাজেট দাখিলত বাধাআৰোপ কৰাটো এখন নিৰ্বাচিত চৰকাৰক কৰা পোনপটীয়া আক্ৰমণ৷এইয়া গণতন্ত্ৰৰ বাবে লজ্জাজনক ৷

ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট থাকি কি লাভ,য’ত বাজেট দাখিল কৰিব নোৱাৰে বা পাছ কৰিব নোৱাৰে ৷

সদনত বাজেট দাখিলত ব্যৰ্থ হোৱাৰ বাবে সদনত দুখ প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে,বাজেটৰ ফাইলটো অনুমোদনৰ বাবে পুনৰ প্ৰেৰণ কৰা হৈছে গৃহ মন্ত্ৰালয়লৈ।

আনকি বিত্ত মন্ত্ৰী গৰাকীয়ে টুইট কৰি বাজেটৰ ফাইলটো যাবতীয় অনুমোদনৰ বাবে গহ মন্ত্ৰণালয়লৈ প্ৰেৰণ হৈছে বুলিও উল্লেখ কৰিছে ৷

Exit mobile version