Khalistani Leader Amritpal Singh’s Uncle To Dibrugarh Central Jail:খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াকক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ

আজি পুৱা অনা হ'ল এজনক,পুনৰ অনাৰ সম্ভাৱনা এঘাৰজন খালিস্তানী সমৰ্থকক

WhatsApp Image 2023 03 21 at 13.14.08

Khalistani Leader Amritpal Singh’s Uncle To Dibrugarh Central Jail:

কানাডাৰ পৰা আহি পঞ্জাৱত বাহৰ পাতি খালিস্তানৰ সপক্ষে প্ৰচাৰাভিযান চলাই এক প্ৰকাশ সন্ত্ৰাস সৃষ্টি কৰা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷

পঞ্জাৱ আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰা মষ্ট ওৱানটেড খালিস্তানৰ কট্টৰ সমৰ্থক অমৃতপাল সিঙ আৰু সহযোগী সকলৰ সন্ধানত ব্যাপক অভিযান চলাই ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে ইজনৰ পিছত সিজনকৈ খালিস্তানীক আটক কৰিছে ৷

পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙ আৰু আন এজন খালিস্তানীক আজি পুৱা ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰলৈ অনা হৈছে ৷

উল্লেখ্য যে, পঞ্জাৱৰ পৰা এখন বিশেষ বিমানযোগে হৰজিৎ সিঙক লৈ ডিব্ৰুগড়ৰ অভিমুখে গৈ থকা পথত প্ৰতিকুল বতৰৰ পৰা গুৱাহাটী বিমানকোঠত আজি পুৱা অৱতৰণ কৰে বিমানখনে ৷

গুৱাহাটীৰ পৰা পোনে পোনে স্থলপথেৰে ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ কঠোৰ নিৰাপত্তাৰ মাজৰে বৃহৎ কনভয়ৰে অনা হয় হৰজিৎ সিঙ সহ আন এজন লোকক।

মনকৰিবলগীয়া যে,ইতিমধ্যেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমানলৈকে ৰখা হৈছে সাতজন খালিস্তানীক ৷ আজি পুৱা অনা হৈছে আৰু দুজনক ৷

এন এছ এ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা খালিস্তানী কেইজনক নিৰাপত্তাজনিত কাৰণতেই ডিব্ৰুগড়লৈ অনা হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ চৌপাশে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

Exit mobile version