Pakistan : বিধ্বস্ত পাকিস্তান এৰি পলাইছে লাখ লাখ লোক ! তালিকাত আছে ইঞ্জিনিয়াৰ , চিকিৎসক , শিক্ষক

WhatsApp Image 2023 03 21 at 18.01.38

Pakistan :

দিন যোৱাৰ লগে লগে পাকিস্তানৰ সাধাৰণ নাগৰিকৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। আৰ্থিক আৰু খাদ্য সংকটৰ সন্মুখীন হৈ থকা পাকিস্তানত এইবাৰ কৰ্মসংকটো ভয়ানক পৰ্যায়ত উপনীত হৈছে।

নিজৰ জীৱন বিপদত পৰাৰ আশংকাত দেশ এৰি পলাইছে লাখ লাখ লোক । যি তালিকাত সাধাৰণ লোকৰ লগতে শিক্ষক, চিকিৎসক, অভিযন্তাও অন্তৰ্ভুক্ত আছে।

প্ৰাপ্ত তথ্য অনুসৰি, পাকিস্তানৰ এই বছৰৰ প্ৰথম দুমাহত পাকিস্তান এৰি পলায়ন কৰিলে ২৭ হেজাৰ লোক । যাৰ ভিতৰত শ্ৰমিকৰ সংখ্যা ৫২ হেজাৰ ৩৯৮, গাড়ী চালকৰ সংখ্যা হৈছে ২৯ হেজাৰ ৯৮৯ ।

ইয়াৰ উপৰিও, দেশ ত্যাগ কৰিছে এহেজাৰ ৩৯৬ জন অভিযন্তা, এহেজাৰ ২৫৭ জন একাউণ্টেণ্ট, ৫৪৯ জন চিকিৎসক আৰু ২৪১ জন শিক্ষকে ।

ব্যুৰো অৱ ইমিগ্ৰেচন এণ্ড অভাৰচিজ এমপ্লয়মেণ্টৰ তথ্য অনুসৰি জানুৱাৰী আৰু ফেব্ৰুৱাৰীত দেশ ত্যাগ কৰা লাখ লাখ লোকৰ ভিতৰত ৬১ হেজাৰ জন চৌদি আৰৱলৈ, ২৭,৫০১ জন সংযুক্ত আৰৱ আমিৰশ্বাহীত, ১৩,৭০০ জন কাটাৰলৈ আৰু ১১,০৬০ জন ওমানলৈ স্থানান্তৰিত হয়।

এইয়ে প্ৰথম নহয় , পাকিস্তান এৰি যোৱাৰ বিষয়টো কেবা বছৰ ধৰি চলি আছে। অৱশ্যে, ইমিগ্ৰেচন বিভাগৰ তথ্য অনুসৰি, ২০১৫ চনত সৰ্বাধিক সংখ্যক নাগৰিকে দেশখন ত্যাগ কৰিছিল। সেই সংখ্যা আছিল প্ৰায় ন লাখ ।

Exit mobile version