Question Paper Leak Case:প্রশ্নকাকত ফাদিল সন্দৰ্ভত লখিমপুৰত পুনৰ গ্ৰেপ্তাৰ তিনিজন

WhatsApp Image 2023 03 21 at 17.40.59

Question Paper Leak Case:

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত চি আই ডিয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি থকাৰ মাজতে লখিমপুৰত পুনৰ গ্ৰেপ্তাৰ হ’ল তিনিজনকৈ লোক ৷

আটকাধীন লোক কেইজনে প্ৰণৱ দত্তৰ পৰা প্ৰশ্নকাকত লৈ বিক্ৰী কৰাৰ অভিযোগ উদ্থাপিত হৈছিল । চি আই ডিয়ে আটক কৰা লোক কেইজন হ’ল পুর্নকান্ত পেগু, টুটু শর্মা জগন্নাথ পেগু । তিনিও শিক্ষক বৃত্তিৰ স’তে জড়িত ৷

ইতিমধ্যে ধৃত শিক্ষক তিনি গৰাকীক চি আইডিয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ স্মতৰ্ৱ্য যে, সোমবাৰে লখিমপুৰৰ বিভিন্ন স্থানৰ পৰা চি আই ডিয়ে আটক কৰিছিল পাঁচজনকৈ লোকক ৷

Exit mobile version