Ulfa(I): কিছুদিন ধৰি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) ৰ বিৰুদ্ধে বিজেপি বিধায়কক ধন দাবী কৰা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ প্ৰতিক্ৰিয়া

WhatsApp Image 2023 03 21 at 12.10.26 1

Ulfa(I):
যোৱা কিছুদিন ধৰি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ বিৰুদ্ধে বিজেপি বিধায়কক ধন দাবী কৰা বুলি অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে বাতৰি সম্প্ৰচাৰ কৰা সন্দৰ্ভত আজি সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক বিবৃতিযোগে আগবঢ়াইছে প্ৰতিক্ৰিয়া ৷

ADVERTISEMENT

এই সম্পৰ্কত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ প্ৰচাৰ বিভাগৰ সদস্য গৰাকীয়ে কয়, প্ৰচাৰিত হোৱা বাতৰিত উজনিৰ মুষ্টিমেয় কেইগৰাকীমান বিধায়কৰ বিষয়ে উল্লেখ কৰা হৈছে । সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনে জনপ্ৰতিনিধিৰ পৰা আৰ্থিক অনুদান বিচাৰিব লগা হ’লে উজনি-নামনি ভাগ নকৰি সমগ্ৰ অসমৰ বিধায়কলৈ পত্ৰ প্ৰেৰণ কৰিলেহেতেন।

ইয়াৰোপৰিও ম্যানমাৰৰ ৰোহিঙ্গিয়া সংগঠনক আলফা (স্বাধীন) আৰু এন এচ চি এন যে যৌথভাৱে সামৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰো এক গণ-শ্রুতি গুজৱ প্ৰচাৰ কৰিছে । ওপৰোক্ত দুয়োটা অভিযোগ আমি বলিষ্ঠভাৱে খণ্ডন কৰি জনাও যে; সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)সংগঠনৰ জনসমাদৰ বাঢ়ি অহাৰ লগে লগে শত্রুপক্ষই উদ্দেশ্যপ্রণোদিতভাৱে আলফা (স্বাধীন)ক আন্তৰাষ্ট্ৰীয় কূটনৈতিক পথাৰ প্ৰতিহত কৰিবলৈ এনে ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু এনে ষড়যন্ত্ৰ প্ৰচাৰত হাত উজান দিছে একাংশ বৈদ্যুতিক আৰু ছপা সংবাদ মাধ্যমে।

আলফা (স্বাধীন)-এন এচ চি এনৰ আৰু বহিঙ্গিয়া সংগঠনৰ ভৌগোলিক অৱস্থানৰ ওপৰত বিজ্ঞানসন্মতভাৱে বিশ্লেষণ নকৰি শত্রুপক্ষই যুগুতাই দিয়া বাতৰিকে একাংশ বৈদ্যুতিক আৰু ছপা মাধ্যমৰ সাংবাদিক বন্ধু সকলে সম্প্ৰচাৰ কৰি উৰা-বাতৰি বাহক [Rumor-monger] হোৱাটো আমি কামনা নকৰোঁ ।
সেয়েহে, সাংবাদিক বন্ধু সকলক অনাগত দিনত । নত এনে ভুল তথা ভিত্তিহীন বাতৰি সম্প্ৰচাৰ নকৰিবলৈ আহ্বান জনালোঁ ৷

Exit mobile version