Covid Update : কভিড আপডেট

Corona

Covid Update :

সোমবাৰে দেশত সামান্য হ্ৰাস পালে কৰ’না সংক্ৰমণৰ হাৰ।যদিও বিগত ২৪ ঘণ্টাত পুনৰ উদ্বেগ পুনৰ বৃদ্ধি পাইছে। আক্ৰান্তসকলৰ লগতে, সক্ৰিয়ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।

বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১,১৩৪ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ।

সক্ৰিয় ৰোগীৰ সংখ্যা ৭০২৬ লৈ বৃদ্ধি পাইছে। মাৰাত্মক ভাইৰাছত এদিনত প্ৰাণ হেৰুৱাইছে পাঁচজন লোকে । দিল্লী, ছত্তীশগড়, গুজৰাট, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ পৰা এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ৩০ হেজাৰ ৮১৩।

Exit mobile version