World Cup Cricket Match In Guwahati : ক্ৰীড়ানুৰাগী সকলৰ বাবে এটা ভাল খবৰ

গুৱাহাটীত অনুষ্ঠিত হ'ব আই চি চি বিশ্বকাপৰ ক্ৰিকেট মেচ !

download 10

World Cup Cricket Match In Guwahati :

ক্ৰিকেট অনুৰাগী সকলৰ বাবে এটা ভাল খবৰ ৷ গুৱাহাটীত অনুষ্ঠিত হ’ব আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ মেচ ৷

ADVERTISEMENT

উল্লেখ্য যে ,ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ মেচ সমূহ আৰম্ভ হ’ব পাঁচ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৯৷

মনকৰিবলগীয়া যে,এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই যদিও বি চি চি আই এক সূত্ৰই সদৰি কৰিছে।

ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পৰা তৎপৰতা আৰম্ভ কৰিছে বিচি চি আই-এ। মুঠ ১০ খন দেশৰ ৪৮ খন মেচৰ বাবে দেশৰ কেইবাখনো ৰাজ্যৰ ১২ খন ষ্টেডিয়াম ক্ৰমে হাইদৰাবাদ, কলকাতা, মুম্বাই,লক্ষ্ণৌ, ইণ্ডোৰ,বেংগালুৰু, চেন্নাই, ৰাজকুট,গুৱাহাটী, দিল্লী আৰু ধৰ্মশালাক ইতিমধ্যে সাজু কৰি তুলিছে সংশ্লিষ্ট ৰাজ্যিক ক্ৰিকেট সন্থা সমূহে ।

আনহাতে ৪৮ খন মেচৰ বাবে ৪৬ টা দিন ধাৰ্য কৰাৰ লগতে বিশ্বকাপৰ ফাইনেল খেল খনৰ বাবে ভেনু থিক কৰা হৈছে বিশ্ব খ্যাত সুবিশাল ক্ৰিকেট ষ্টেডিয়াম আহমেদাবাদৰ মোটেৰাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়াম ৷ য’ত একেলগে খেল উপভোগ কৰিব পাৰে ১ লাখ ৩২,০০০০ হেজাৰ দৰ্শকে।

Exit mobile version