Amritpal Singh : খালিস্তানি নেতা অমৃতপালৰ দেহৰক্ষী ‘ গোৰ্খা বাবা ‘ ক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে

1677159742 amritpal

Amritpal Singh :

খালিস্তানি নেতা অমৃতপাল সিঙক বিচাৰি পোৱা নাই যদিও তেঁওৰ দেহৰক্ষী তেজেন্দ্ৰ সিং ওৰফে গোৰ্খা বাবাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

অমৃতপালৰ ‘সোঁ হাত’ বুলি পৰিচিত গোৰ্খা, এই দাবী আৰক্ষীৰ এক সূত্ৰৰ । আজনালাৰ আৰক্ষী থানাত হোৱা আক্ৰমণত অভিযুক্ত গোৰ্খা।

প্ৰাপ্ত তথ্য অনুসৰি, গোৰ্খা মল্লোদৰ মংগেৱালৰ বাসিন্দা। তেওঁক সামাজিক মাধ্যমত অস্ত্ৰ-শস্ত্ৰৰে নিজৰ ফটো পোষ্ট কৰা দেখা গৈছে । ভাৰতীয় দণ্ডবিধিৰ ১০৭/১৫১ ধাৰাৰ অধীনত গোৰ্খাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

কেৱল সেয়াই নহয়, আৰক্ষীয়ে গোৰ্খাৰ দুজন ঘনিষ্ঠ সহযোগীকো গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, এই তিনিজন লোকক জেৰা কৰি অমৃতপালৰ অৱস্থান প্ৰাপ্ত কৰাৰ চেষ্টা কৰা হৈছে।

ইয়াৰ পুৰ্বেও কাৰাগাৰলৈ গৈছে গোৰ্খা । তেওঁৰ বিৰুদ্ধে হিংসা আৰু চোৰাং সুৰা ব্যৱসায়ৰ অভিযোগ উত্থাপিত হৈছে ।

পঞ্জাৱ আৰক্ষীৰ এটা সূত্ৰই দাবী কৰিছে যে অমৃতপালে হাৰিয়ানাত আশ্ৰয় লৈছে । খালিস্তানী নেতাজনে পলাই যোৱাৰ আগতে দেওবাৰে তেওঁৰ এজন ঘনিষ্ঠ সহায়কৰ ঘৰত আশ্ৰয় লয়।

আৰক্ষীয়ে হাৰিয়ানাৰ শ্বাহবাদৰ এগৰাকী মহিলাক অমৃত পালক আশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ আন এটা সূত্ৰই অনুমান কৰে যে অমৃতপালে মহাৰাষ্ট্ৰত আশ্ৰয় ল’বলৈ চেষ্টা কৰিব পাৰে। সেয়েহে, ইতিমধ্যে মহাৰাষ্ট্ৰ আৰক্ষীলৈ এক সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে।

বৃহস্পতিবাৰে, অমৃতপালৰ সাতজন সহযোগীক কঠোৰ আৰক্ষী নিৰাপত্তাৰ অধীনত অমৃতসৰৰ বাবা বাকলা আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে তেওঁলোকক ২৩ মাৰ্চলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

Exit mobile version