ASDMA Convened Cycle Rally On The Occasion Of Foundation Day :অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে চাইকেল ৰেলী

9647d142 1f26 4b45 9cda be19d56890cc

ASDMA Convened Cycle Rally On The Occasion Of Foundation Day :

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসম চাইক্লিং এছ’চিয়েচন আৰু পেডেল ফৰ এ চেঞ্জৰ সহযোগত জলবায়ু পৰিৱৰ্তনৰ ওপৰত জনসজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে আজি মহানগৰীত এক চাইকেল ৰেলীৰ আয়োজন কৰে ৷

“চাইকেল ৰেলীটোৰ মুল বিষয়বস্তু আছিল প্ৰদূষণ বন্ধ কৰক, পেডেলিং আৰম্ভ কৰক ৷ চাইকেল ৰেলীৰ সমদলটো দিছপুৰৰ জনতা ভৱনৰ পৰা আৰম্ভ হৈ উত্তৰ গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি),হৈ প খানাপাৰাৰ পশু চিকিৎসালয় চৌহদত অন্ত পৰে ।

চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান দীপক শৰ্মা, এএছডিএমএৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী আৰু এএছডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া কে ভি সিংদেউৱে।

অনুষ্ঠানত অসম চাইক্লিং এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক তপন দাস আৰু মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশেষভাৱি সক্ষম পৰ্বতাৰোহী বিক্ৰমজ্যোতি দাস, চাইকেলিষ্ট অনিৰ্বাণ চৌধুৰী, ৰিপুঞ্জয় গোঁহাই, কৌশিক গুহ, ড০ প্ৰণামী চক্ৰৱৰ্তীৰ লগতে অন্যান্য চাইকেল আৰোহীসকল উপস্থিত আছিল।

আনহাতে,অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শিক্ষাৰ্থীসকলৰ মাজত দুৰ্যোগৰ প্ৰস্তুতিৰ বিভিন্ন বিষয়ত প্ৰতিষ্ঠা দিৱস উপলক্ষে এটা প্ৰবন্ধ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছিল। সমদলটোৰ শেষত বিজয়ীসকলক পুৰস্কৃত আৰু সম্বৰ্ধনা জনোৱা হয় ৷

Exit mobile version