Covid – 19 : ১৪০ দিনৰ ভিতৰত সৰ্বাধিক সংক্ৰমণ, দেশৰ কৰ’না পৰিসংখ্যাত পুনৰ উদ্বেগ

download 1 6

Covid – 19 :

এডিন’ভাইৰাছ, ইনফ্লুৱেঞ্জাৰ কবলত মাজতে পুনৰ এক বৃহৎ চিন্তাৰ কাৰণ হৈ পৰিছে ক’ৰনা ভাইৰাছ। বিগত কিছুদিন ধৰি উৰ্ধমুখী ধাৰা অব্যাহত ৰাখিছে ক’ভিডৰ সংক্ৰমনৰ হাৰে। বৃহস্পতিবাৰৰ এই পৰিসংখ্যা উদ্বেগৰ কাৰণ হৈ পৰিছে।

বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ১৩০০ লোক ক’ভিডত আক্ৰান্ত হৈছে। যিটো যোৱা ১৪০ দিনত সৰ্বাধিক।

৭৬০৫ লৈ বৃদ্ধি পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা । এই মাৰাত্মক ভাইৰাছত এদিনতে তিনি জন লোকৰ মৃত্যু হৈছে। মুঠ মৃতকৰ সংখ্যা পাঁচ লাখ ৩০ হেজাৰ ৮১৬ জন।

কৰ্ণাটক, গুজৰাট আৰু মহাৰাষ্ট্ৰই এই মাৰাত্মক ভাইৰাছত এজনকৈ প্ৰাণ হেৰুৱাইছে। উদ্বেগ বৃদ্ধি কৰি দেশৰ পজিটিভিটিৰ হাৰ অৰ্থাৎ সংক্ৰমণৰ হাৰ ১.৪৬ শতাংশলৈ বৃদ্ধি পাইছে।

সমগ্ৰ দেশৰ তুলনাত মহাৰাষ্ট্ৰৰ ক’ভিড পৰিস্থিতি অধিক আতংকজনক। যোৱা ২৪ ঘন্টাত মহাৰাষ্ট্ৰত ক’ভিডত আক্ৰান্ত হৈছে ১৫৯ জন লোক ।

যিটো যোৱা কিছুদিনৰ ভিতৰত সৰ্বাধিক। বুধবাৰেও মহাৰাষ্ট্ৰত এজন লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰেও চেৰাজত এজন ব্যক্তিয়ে ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে।

গুজৰাটৰ পৰিসংখ্যাইও উদ্বেগ বৃদ্ধি কৰিছে । গুজৰাটত এদিনতে ১৪৮ জন লোক আক্ৰান্ত হয়। কিন্তু কৰ’নাৰ বিৰুদ্ধে যুঁজ এতিয়াও চলি আছে। আকৌ টিকাকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা হৈছে। ইতিমধ্যে সমগ্ৰ দেশত ২২০ কোটি ৬৫ লাখ ড’জ কৰ’না ভেকচিন দিয়া হৈছে।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। তেওঁ আক্ৰান্তসকলৰ জিনমৰ ক্ৰমবিন্যাস বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে।

লগতে প্রধানমন্ত্রীয়ে প্রয়োজনত মাস্ক পৰিধান পুনৰ আৰম্ভ কৰিবলৈ নির্দেশ দিছে৷ আজিৰ বৈঠকত নতুন ভেৰিয়েন্টৰ শক্তি অনুমান কৰিবলৈ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি চিকিৎসালয়সমূহ নিৰ্মাণ কৰি থকা হৈছে।

Exit mobile version