Gogamukh Accident: গোগামুখ চাউলধোৱাত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা

থিতাতে প্ৰাণ গ'ল পিতৃ-পুত্ৰৰ

WhatsApp Image 2023 03 24 at 12.42.37

Gogamukh Accident:

ধেমাজীৰ গোগামুখৰ চাউলধোৱাত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাদ্ৰতবেগী এএছ ১২এচি-৩০৬১ নম্বৰৰ এ এছ টি চি আল্ট্ৰা বাছ আৰু এএছ০৭-৬৭৬১ নম্বৰৰ নেক্সন বাহনৰ স’তে সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুজন লোকৰ।

শোকাৱহ মৃত্যুক সাবটি লোৱা লোক দুজন নেক্সন বাহন খনৰ যাত্ৰী আছিল। আনহাতে ভয়াৱহ দুৰ্ঘটনাত মৃত্যু হোৱা লোক দুজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যদিও ভয়ংকৰ দুৰ্ঘটনাত একেলগে নিঃশেষ হৈ যোৱা লোক দুজন সমন্ধত পিতৃ-পুত্ৰ।

মাত্ৰ ১৫ দিন আগত কিনা সপোনৰ গাড়ীখনেই মৃত্যুমুখলৈ ঠেলি নিলে পিতৃ-পুত্ৰক ৷

উল্লেখ্য য, আল্ট্ৰা বাছখন তেজপুৰৰ পৰা ধেমাজি অভিমুখে গৈ থকাৰ বিপৰীতে টাটা নেক্সন বাহনখন আহি আছিল লখিমপুৰৰ পৰা গোগামুখ অভিমুখে।

Exit mobile version