Nagaon Police:বিনা দোষত ৰাজপথত ঠেলা চালক আৰু ক্ষুদ্ৰ ব্যৱসায়ীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা

নগাঁৱৰ টি এছ আই ৰঞ্জিত গগৈক ৰিজাৰ্ভ ক্লজ,আৰক্ষী অধীক্ষকৰ তদন্ত ঘোষণা,ক্ষুদ্ৰ ব্যৱসায়ীয়ে গগৈৰ বিৰুদ্ধে চৰম নিৰ্যাতনৰ অভিযোগ তুলি আদালতৰ দ্বাৰস্থ

WhatsApp Image 2023 03 24 at 13.03.03

Nagaon Police:

সৰ্বসাধাৰণ লোকৰ বাবে আৰক্ষীৰ ব্যবহাৰ নমনীয় হ’ব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানক একাংশ আৰক্ষীয়ে নসাৎ কৰা পৰিলক্ষিত হৈছে ৷

নগাঁও নগৰ আৰক্ষীৰ টি এছ আই ৰঞ্জিত গগৈয়ে এজন ঠেলা চালকক ৰাজপথতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে তেওঁৰ থেলা দুখনো ভাঙি পেলাইছিল ৷

একেদৰে এজন ক্ষুদ্ৰ ব্যৱসায়ী যুৱককো মাৰপিট কৰাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ৷ যাৰবাবে চহৰ খনৰ বৰবজাৰৰ জুবাহিৰ আহমেদ নামৰ ক্ষুদ্ৰ ব্যৱসায়ীজনে আৰক্ষী বিষয় গগৈৰ বিৰুদ্ধে চৰম নিৰ্যাতনৰ অভিযোগ তুলি আদালতৰ নগাঁও আদালতৰ দ্বাৰস্থ হৈছিল।

শেহতীয়াকৈ নগাঁওত এক প্ৰকাৰ সন্ত্ৰাস চলোৱা সদৰ আৰক্ষীৰ নগৰ শাখাৰ উপ-পৰিদৰ্শক ৰঞ্জিত গগৈৰ বিৰুদ্ধে অৱশেষত কঠোৰ স্থিতি গ্ৰহণ কৰে নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দলে ৷

আৰক্ষী অধীক্ষক দলেই সমগ্ৰ ঘটনা দুটাৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ উদণ্ড ৰঞ্জিত গগৈক ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ দিয়ে ।

Exit mobile version