Nagaon Police Raid :
নগাঁও চহৰৰ পাশ্বৰ্ৱতী বৰঘাট বাইপাছত যোৱা নিশা আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযান দেহ ব্যৱসায়ৰ লগত জড়িত ১৭জনকৈ লোকক গ্রেপ্তাৰ কৰে।
ADVERTISEMENT
দীৰ্ঘদিন ধৰি বৰঘাট বাইপাছৰ একাংশ ধাবাত সংগোপনে অব্যাহত আছিল দেহ ব্যৱসায় ৷কিন্ত শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ মাজতে বৃহস্পতিবাৰে নিশা ‘ভোগদৈ’ নামৰ ধাবাখনত আৰক্ষীয়ে চলাই অভিযান ।
বহুদিনৰ পৰা ধাবাখনত চলি থকা অসামাজিক কাম-কাজৰ বাবে নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই ধাবাখনৰ স্বত্বাধিকাৰী ৰাতু হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতী যোগান ধৰোতা দুলাল আহমেদ নামৰ লোক এজনকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
একেদৰে দেহ ব্যৱসায় স’তে জড়িত থকা অভিযোগত ১৭ জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷