Kampur Deadbody Recover : নগাঁৱৰ কামপুৰত পথৰ কাষত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

WhatsApp Image 2023 03 25 at 15.35.53

Kampur Deadbody Recover :

নগাঁৱৰ কামপুৰৰ তেতেলীসৰাত আজি পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। তেতেলীসৰা পথৰ কাষত উদ্ধাৰ হোৱা এক মৃতদেহক লৈ হুৱাদুৱা লাগে গাওঁ খনত ।

পাছত মৃতদেহটো তেতেলীসৰা মাহনিআটিৰ শিক্ষক গিৰিন গগৈ বুলি চিনাক্ত কৰা হয় ৷ স্থানীয় লোকে সন্দেহ কৰা মতে নিশাভাগত নিজ বাসগৃহলৈ পথত দুৰ্ঘটনাত নিহত হয় যুৱকজন ৷

উল্লেখ্য যে, গোলাঘাট জিলাৰ বোকাখাটৰ নিবাসী গিৰিন গগৈয়ে তেতেলীসৰাৰ কান্দাপাৰ প্ৰাথমিক বিদ্যালয়ৰ এজন টেটৰ শিক্ষক হিচাপে কৰ্মৰত হোৱা সূত্ৰে গাওঁখনতে ভাড়া কৰি আছিল ৷

বানে প্ৰতিবৰ্ষত বিধ্বস্ত কৰা কামপুৰ তেতেলীসৰা অঞ্চলৰ বাট- পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই নিশা জৰাজীৰ্ণ পথৰ গাতত বাইক পৰি নিহত হোৱাৰ অভিযোগ কৰে গঞাই ৷

মৃতদেহৰ কাষত এএছ ০৩ পি ৫৯৭৫ নম্বৰৰ মটৰ চাইকেল এখনো পৰি আছিল ৷ ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । আনহাতে সৰবৰহী কৃতী শিক্ষক গৰাকীৰ শোকাৱহ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে তেতেলীসৰা ৰাইজে ৷

Exit mobile version