Union Minister Sarbanandra Sonowal:সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱত মুখ্য অতিথি হিচাপে অংশগ্রহণ কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

"বিশ্বৰ ষ্টাৰ্ট-আপ্ প্ৰাণকেন্দ্ৰ হিচাপে ভাৰতৰ অভূতপূর্ব উত্থানৰ আঁৰত আছে যুৱপ্ৰজন্মৰ অটল প্ৰতিশ্ৰুতি, কঠোৰ পৰিশ্ৰম, উদ্ভাৱনশৈলী আৰু অদম্য স্পৃহা"

WhatsApp Image 2023 03 25 at 20.33.19

Union Minister Sarbanandra Sonowal :

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত অনুষ্ঠিত সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ, ২০২৩ত আজি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

বিভিন্ন ক্ষেত্ৰত অৰ্জন কৰা কৃতিত্বৰ বাবে সোণোৱাল কছাৰী জনগোষ্ঠীৰ কেইবাগৰাকীও উদীয়মান যুৱক-যুৱতীক সৰ্বানন্দ সোণোৱালে উদ্দীপনা বঁটা প্ৰদান কৰে আৰু অভিনন্দন জনাই আটাইৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত তেখেতে উপস্থিত সুধীবৃন্দৰ সৈতে “সোণোৱাল সম্ভাৰ” শীৰ্ষক এখন স্মৃতিগ্ৰন্থৰো শুভ উন্মোচন কৰে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি সোণোৱাল কছাৰীৰ সমৃদ্ধ আৰ্থ- সামাজিক, সাংস্কৃতিক ঐতিহ্য আৰু ইতিহাসৰ সোণালী গাথাৰ সন্দৰ্ভত আলোকপাত কৰে আৰু একে সময়তে জনগোষ্ঠীটোৰ উত্তৰণৰ যাত্ৰাত যুৱপ্ৰজন্মৰ ভূমিকাৰ বিষয়েও দোহাৰে।

জনগোষ্ঠীটোৰ যুৱপ্ৰজন্মক উদগনি যোগোৱাৰ বাবে লোৱা প্ৰচেষ্টাৰ বাবে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ তেখেতে ভূয়সী প্রশংসা কৰে। আগন্তুক অমৃতকাল অর্থাৎ ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন আত্মনিৰ্ভৰশীল দেশ হিচাপে গঢ়ি তোলাৰ অন্বেষণত অগ্ৰণী ভূমিকা পালন কৰিবলৈ সোণোৱাল কছাৰী জনগোষ্ঠীৰ যুৱচামক সোণোৱালে বিশেষকৈ আহ্বান জনায়।

চাৰিদিনীয়া এই মহোৎসৱটো সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আয়োজন কৰিছে ডিব্ৰুগড়ৰ দুলিয়া-দাইনীজানৰ হালালী সমন্নয় ক্ষেত্ৰত। এই মহোৎসৱৰ বিষয়বস্তু হৈছে “যুৱপ্ৰজন্ম আৰু সাংস্কৃতিক ঐতিহ্যৰ উৎকৰ্ষ সাধন”, যাৰ উদ্দেশ্য হৈছে যুৱক-যুৱতীসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত উদগনি যোগোৱা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত তেওঁলোকৰ শৈক্ষিক আৰু আৰু দক্ষতা বিকাশৰ উৎকৰ্ষ সাধনকৰা।

লগতে সোণোৱাল কছাৰী সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্যৰ সমৃদ্ধ প্ৰদৰ্শনৰ সৈতে এই মহোৎসৱৰ আন এটি লক্ষ্য হৈছে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজৰ সাতামপুৰুষীয়া সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় কৰা ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “বিশ্বৰ ষ্টাৰ্ট-আপ প্ৰাণকেন্দ্ৰ হিচাপে ভাৰতৰ অভূতপূর্ব উত্থানৰ আঁৰত আছে যুৱ প্ৰজন্মৰ অটল প্ৰতিশ্ৰুতি, কঠোৰ পৰিশ্ৰম, উদ্ভাৱনশৈলী আৰু অদম্য স্পৃহা।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন ভাৰত চৰকাৰে যুৱপ্ৰজন্মৰ সৰলীকৰণত সবাতোকৈ অগ্ৰাধিকাৰ দিছে, কিয়নো ভবিষ্যতে এই ঘুরপ্রজন্মই দেশৰ গুৰি-বঠা ধৰিব লাগিব। সেয়েহে, যুৱচামৰ দক্ষতা বিকাশ, উন্নত প্ৰযুক্তিৰ প্ৰসাৰ আৰু সংস্থাপন বৃদ্ধিত আমি বিশেষকৈ গুৰুত্ব আৰোপ কৰিছোঁ।

যুৱপ্ৰজন্ম আত্মনিৰ্ভৰ হ’লেহে ভাৰত আত্মনিৰ্ভৰ হ’ব আৰু যুৱ নেতৃত্বাধীন উন্নয়ন টনকিয়াল হ’ব। এই দিশত চৰকাৰৰ তৰফৰ পৰা সৰ্বাধিক গুৰুত্ব দিয়া হৈছে আৰু চৰকাৰৰ উদ্যোগত বিভিন্ন কল্যাণকামী পদক্ষেপ হাতত লোৱা হৈছে।

এই পদক্ষেপসমূহৰ সুফলপ্রাপ্তিৰে ৰাষ্ট্ৰ নিৰ্মাণৰ আন্দোলন অধিক শক্তিশালী কৰিবলৈ আৰু ৰূপান্তৰৰ যাত্ৰাৰ ধ্বজাবাহক হ’বলৈ যুৱপ্ৰজন্মক মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ।”

তদুপৰি, সোণোৱালে লগতে কয়, “যুৱপ্ৰজন্মই ভাৰতত উদ্ভাৱন আৰু ষ্টাৰ্ট-আপৰ এক নতুন চৌৰ নেতৃত্ব দি আছে। তেওঁলোকৰ অধ্যৱসায়ী প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিশ্বব্যাপী ষ্টার্ট-আপ পৰিস্থিতিতন্ত্ৰৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত এখন হিচাপে আত্মপ্রকাশ কৰিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ বাবে ভাৰতে বাৰ্ষিক দাখিল কৰা পেটেণ্টৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ সংখ্যা ২০১৪ চনৰ ৪,০০০ৰপৰা ১৫,০০০লৈ বৃদ্ধি হৈছে। ২৬,০০০ নতুন ষ্টার্ট-আপ স্থাপনেৰে ভাৰতে বিশ্বৰ বুকুত সফলতাৰে অনন্য কৃতিত্ব অৰ্জন কৰিছে।

এই সফলতাই কেৱল যুৱপ্ৰজন্মৰ সপোনবোৰক ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তাৰ সৈতে সংযুক্ত কৰাই নহয়, লগতে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ যাত্ৰাকো নতুন গতি প্ৰদান কৰিছে। সোণোৱাল কছাৰী জনগোষ্ঠীৰ যুৱচামৰ মাজতো অপাৰ সম্ভাৱনা আৰু প্ৰতিভা নিহিত হৈ আছে । এই সম্ভাৱনাসমূহক পোহৰাই তোলাত আমি সকলোৱে মিলি সবল ভূমিকা পালন কৰিব লাগিব ।

Exit mobile version