Asomiya Gamosa:বিকৃত কৰা হ’ল অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাক !

অসমীয়া স্বাভিমানৰ প্ৰতীক 'গামোচা'ক বিকৃত কৰা হ'ল মহানগৰীত,আধা লুঙি ,আধা গামোচাৰে বিকৃত ৰূপত প্ৰস্তুত কৰা গামোচাৰে সম্বৰ্দ্ধনা শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুক

WhatsApp Image 2023 03 27 at 17.26.03

Asomiya Gamosa:

জিআই চিহ্ন লাভ কৰা অসমৰ গামোচা এইবাৰ অসমতে বিকৃত কৰাৰ অভিযোগ উত্থাপিত হ’ল। অসমীয়া গামোচাখনক সমানে দুছেও কৰি বাঙালী গামোচাৰ স’তে চিলাই কৰি অসমীয়াৰ স’তে সমন্বয় সাধন কৰিবলৈ বাংলা সাহিত্য সভাই কৰা অবাঞ্ছিত কচৰতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মহানগৰীৰ মালিগাঁৱত দেওবাৰে অনুষ্ঠিত বাংলা সাহিত্য সভাৰ প্ৰথমখন ৰাজ্যিক সন্মিলনত উপস্থিত থকা ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক এনে এখন গামোচা খনৰে সম্বৰ্ধনা জনোৱাৰ পাছতে এই ঘটনা পোহৰলৈ আহে। আচৰিত কথা যে ডিঙিত বিকৃত গামোচা খন লোৱাৰ পাছতে এবাৰলৈও প্ৰতিবাদ নকৰিলে মন্ত্ৰী ৰণোজ পেগুৱে।

উল্লেখ্য যে, যিসময়ত অসমীয়াৰ স্বাভিমান গামোচাই ভৌগোলিক স্বীকৃতি লাভ কৰিছে। যি গামোচাক কোনো বহিৰাজ্যত কোনেও প্ৰস্তুত কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা আছে ।

কিন্ত অসমীয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ নিৰ্দেশনাকো নসাৎ কৰি অসমীয়া গামোচাকে বাংলা সাহিত্য সভাই বিকৃত ৰূপত প্ৰস্তুত কৰিছে।

দেওবাৰে গুৱাহাটীৰ মালিগাঁও হিতেশ্বৰ শ‍ইকীয়া প্রেক্ষাগৃহত বাংলা সাহিত্য সভাৰ প্ৰথম ৰাজ্যিক সন্মিলনত অসমীয়া গামোচাখন আধা গামোচা আধা লুঙি বনাই দিছিল ৰাজ্যৰ শিক্ষামন্ত্ৰী সহ কেইবাগৰাকী অভ্যৰ্থক ৷

ইতিমধ্যে অসমীয়াৰ স্বাভিমান গামোচাক বিকৃত ৰূপেৰে উপস্থাপন কৰাকলৈ গৰজি উঠিছে ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠন ৷

অসম যুৱ মঞ্চই অসমীয়াৰ স্বাভিমান গামোচাখনক বিকৃত ৰূপত উপস্থাপনৰে অপমান কৰা হৈছে বুলি অভিযোগ তুলিছে যুব সংগঠনটোৱে।

সংগঠনটোৰ মুৰব্বী দীপাংকৰ নাথে সংবাদ মাধ্যমৰ আগত এই অভিযোগ কৰি কয় যে অসমৰ গামোচাখন ফালি বাঙালী গামোচাৰে জোৰা দি বাংলা সাহিত্য সভাই অসমীয়াৰ স্বাভিমানত আঘাত হানিছে।

তেওঁ কয় যে জিআই টেগযুক্ত অসমৰ ফুলাম গামোচাখনক ফালি তথাকথিত সমন্বয়ৰ কৰিবলৈ দিয়া নহ’ব। সংগঠনটোৱে তৎকালে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি অসমৰ গামোচাখনক বিকৃত নিজকে কৰাসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই ৷

ইপিনে,ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি প্রতিক্রিয়া প্রকাশ কৰি কয়, অসমীয়া গামোচাখনৰ স’তে তেওঁলোকৰ গামোচা খন নহ’লে চৰ্চা সংযোজিত কৰা কাৰ্যই অসমীয়াৰ স্বাভিমানত আঘাত হানিব বুলি নাভাবো।

মন্ত্ৰীজনে পুনৰ কয় যে অসমৰ গামোচাখন অসমীয়া গামোচা খন গামোচা হৈয়ে থাকিব; বৰঞ্চ তেওঁলোকে কোৱা ধৰণে সমন্বয়ৰ প্রতীকহে হ’ব।

একেদৰে গামোচা বিকৃতকৰণক লৈ প্রতিক্রিয়া ব্যক্ত কৰিছে ৰাজ্যৰ সাংস্কৃতিক মন্ত্রী বিমল বৰাই৷
বিমল বড়াই অসমীয়া গামোচাৰ বিকৃতকৰণ কৰা সকললৈ জনাইছে বিশেষ আহ্বান৷‘গামোচা অসমীয়াৰ স্বাভিমান,‘গামোচা বিকৃতকৰণ কৰিব নালাগে ৷

‘বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত একাকাৰ কৰিব নালাগে”৷‘এনে কৰিলে স্বাভাৱিকতে প্রতিক্রিয়া হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে গামোচাৰ বিকৃতি হোৱা নাই বুলি কৈ এয়া দুটা সংস্কৃতিৰ সমন্বয় বুলিহে উল্লেখ কৰে ৷

মনকৰিবলগীয়া যে, অনুষ্ঠানটোৰ আয়োজক কমিটিৰ অন্যতম কৰ্ণধাৰ প্রাক্তন বিধায়ক শিলাদিত্য দেৱে কয় যে বিতর্ক নহলে চৰ্চা নহয় ।

বৰাক উপত্যকাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাতো বসবাস কৰা বাঙালীসকলে তেওঁলোকৰ বিয়া বা পূজা পার্বণত এই গামোচাখন ব্যৱহাৰ কৰে।

গতিকে বাংলা সাহিত্য সভাৰ অধিবেশনত বৰাক আৰু ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাক একত্ৰিত কৰাৰ বাবে গামোচাখনৰ জৰিয়তে এক চেষ্টাহে কৰা হৈছে আৰু এই চেষ্টাক সকলোৱে ভাল পাব লাগে বুলি তেওঁ মন্তব্য কৰে।

অৱশ্যে সমগ্র বিষয়টোক লৈ আজি ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টিৰ লগতে বিভিন্ন দল-সংগঠনে এই কাৰ্যক সমালোচনা কৰিছে ৷

Exit mobile version