CPI(M) Opposes Re-Determination Of Constituencies:২০০১ চনৰ লোক গণনাৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিৰোধিতা চিপিআই(এম)ৰ

WhatsApp Image 2023 03 27 at 19.12.05

CPI(M) Opposes Re-Determination Of Constituencies:

ভাৰতৰ নিৰ্বাচন আয়োগে ২০০১ চনৰ লোক গণনাৰ ভিত্তিত ২০২৩ চনত অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে।

এই সংক্ৰান্তত পাৰ্টিৰ এটা প্ৰতিনিধি দলে বৰ্তমান অসমলৈ অহা ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তসহ নিৰ্বাচন আয়োগৰ সদস্যসকলক গুৱাহাটীত সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। চিপিআই(এম)ৰ পাঁচজনীয়া প্ৰতিনিধি দলটোত আছিল পাৰ্টিৰ ৰাজ্যিক কমিটিৰ সম্পাদক সুপ্রকাশ তালুকদাৰ, কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমান, দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য অজিত দাস আৰু নয়ন ভূঞা।

পাৰ্টিয়ে সাতোটা গুৰুত্বপূৰ্ণ দফা সন্নিৱিষ্ট কৰি প্ৰদান কৰা স্মাৰক-পত্ৰত উল্লেখ কৰা হয় যে ২০০১ চনত ৰাজ্যৰ জনসংখ্যা আছিল ১.৪৬ কোটি। এতিয়া দুটা দশকৰো অধিক কালৰ পাছত সেই সংখ্যা প্ৰায় ৩.৬৬ কোটিলৈ বৃদ্ধি পাইছে।

সেয়ে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত বৰ্তমান লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণ যুক্তিসংগত আৰু গ্ৰহণযোগ্য নহয়।

তদুপৰি, স্মাৰক-পত্ৰত উল্লেখ কৰা হয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি দল আৰু চৰকাৰে অসৎ অভিপ্ৰায়েৰে আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থ সন্মুখত ৰাখি অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পোষকতা কৰিছে।

ইয়াৰ প্ৰমাণ হিচাপে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৭ ডিচেম্বৰত অধিসূচনা জাৰি কৰাৰ পাছত আৰু চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নতুন প্ৰশাসনিক জিলা বা গোট গঠনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগে লগে ২০২২ চনৰ ৩১ ডিচেম্বৰত হঠাৎ চাৰিখন জিলা ভংগ কৰি পূৰ্বৰ সংশ্লিষ্ট জিলাসমূহৰ লগত চামিল, ১৪খন জিলাৰ শতাধিক গাঁও এখন জিলাৰ পৰা আন এখন জিলাৰ প্ৰশাসনিক গোটৰ লগত একপক্ষীয়ভাৱে যুক্ত কৰাৰ কথা উল্লেখ কৰা হয়।

আনকি বিটিএডিৰ সৈতে নতুনকৈ গাঁও সংযুক্তিৰ বিষয়টো বিবেচনাৰ বাবে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ আধাৰত গঠিত আয়োগৰ কাম-কাজ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই কিছুমান গাঁও বিটিএডিৰ অন্তৰ্ভুক্ত কৰাৰ আঁৰত অসম চৰকাৰ গভীৰ ষড়যন্ত্ৰ থকা বুলিও স্মাৰক-পত্ৰত উল্লেখ কৰা হয়।

চিপিআই(এম) দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ আয়োগ গঠন নকৰাকৈ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাতো তীব্ৰ আপত্তি দৰ্শায়।

পাৰ্টিয়ে সদ্যহতে সমগ্ৰ প্ৰক্ৰিয়াটো স্থগিত ৰাখি ভাৰতৰ সংবিধানৰ ৮৪ নং সংশোধনী মতে অন্য ৰাজ্য সমূহৰ দৰে অসমতো সমষ্টি পুনৰ নিৰ্ধাৰণ কাম ২০২৬ চনলৈ পিছুৱাই দিয়াৰ পক্ষে দৃঢ় মত পোষণ কৰে।

Exit mobile version