Itihas Sankalan Samiti Press Meet : “ইছলামিক আগ্ৰাসনৰ পৰা উত্তৰ পূৰ্বাঞ্চলক ৰক্ষা কৰিছিল মহাৰাজ পৃথুৱে ,

"খিলজীৰ বিৰুদ্ধে মহাৰাজ পৃথুৰ বিজয়ৰ বাৰ্ষিকী উদযাপন"

35d79ac5 2682 4075 ae3d 2044c107e24a

Itihas Sankalan Samiti Press Meet :

গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে অনুষ্ঠিত এক সংবাদ মেল সম্বোধন কৰি অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হেমন্ত ধিং মজুমদাৰে জনায় যে অখিল ভাৰতীয় সংকলন সমিতি, অসমে আগন্তক ২৮ মার্চৰ দিনটো যিদিনা মহাৰাজ পৃথুৱে খিলজীৰ সৈন্যক নির্ণায়কভাৱে পৰাস্ত কৰি কানাই বৰশী বোৱা শিলত বিজয় বার্তা লিপিবদ্ধ কৰিছিল সেই দিনটো খিলজী বিজয় দিৱস হিচাপে উদযাপনৰ বাবে বিশদ পৰিকল্পনা কৰিছে।

নালন্দা আৰু গুদন্তপুৰীৰ ধ্বংসকাৰীক পৰাস্ত কৰা মহাৰাজ পৃথুৰ বীৰত্ব আৰু পৰাক্ৰমৰ কথা ভাৰতৰ প্ৰতিজন সন্তানক ক’ব লাগিব আৰু বাৰে বাৰে ক’ব লাগিব বুলি কয় মজুমদাৰে।

আনহাতে আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাত “মহাৰাজ পৃথু: বখতিয়াৰ খিলজীক নিঃশেষ কৰা যোদ্ধা ৰজা” বিষয়ক এক ৰাষ্ট্ৰীয় আলোচনা চক্র অনুষ্ঠিত হ’ব।

উল্লেখ্য যে,আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম, কামৰূপ অনুসন্ধান সমিতি” আৰু “অসম জনকৃষ্টি সমাজ”ৰ সহযোগত এই আলোচনা চক্র খন অনুষ্ঠিত হোৱাৰ কথা সদৰি কৰে মজুমদাৰে ৷ সংবাদ মেলত এই সংস্থা আৰু সংগঠনসমূহৰ প্ৰতিনিধিও উপস্থিত থাকে।

Exit mobile version