Job :
গুজৰাট উচ্চ ন্যায়ালয়ে সম্প্রতি এক বিজ্ঞাপন প্ৰকাশ কৰি চিভিল জজ পদত নিযুক্তিৰ বাবে অৰ্হতাধাৰী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। বিজ্ঞাপনত উল্লেখ কৰা অনুসৰি, মুঠ ১৯৩ চিভিল জজ পদত উচ্চ ন্যায়ালয়ে নিযুক্তি দিব।
অৰ্হতাধাৰী প্ৰাৰ্থীয়ে অহা ১৪ এপ্ৰিলৰ ভিতৰত এই পদৰ বাবে hcojas.gujarat.gov.in ৱেবছাইটৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব লাগিব।
নিযুক্তি পৰীক্ষা : গুজৰাট উচ্চ ন্যায়ালয়ে চিভিল জজ পদৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা ২০২৩ অহা সাত মে’ত অনুষ্ঠিত হ’ব। আনহাতে, মুখ্য পৰীক্ষা অহা দুই জুলাইত অনুষ্ঠিত হ’ব।
ইয়াৰ পাছত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক সাক্ষাৎকাৰৰ বাবে নিমন্ত্রণ জনোৱা হ’ব। সাক্ষাৎকাৰ অহা অক্টোবৰ অথবা নৱেম্বৰত অনুষ্ঠিত হ’ব।
কেনেকৈ আবেদন কৰিব : প্ৰাৰ্থীয়ে প্রথমে hcojas.gujarat.gov.in ৱেবছাইট ভিজিট কৰিব লাগিব। ইয়াৰ পাছত হোমপেজত চিভিল জজ ২০২৩ৰ কেডাৰৰ বাবে প্ৰত্যক্ষ ভর্তি লিংকত ক্লিক কৰক। এতিয়া আপুনি আবেদনপত্ৰ পূৰ্ণ কৰিব লাগিব। প্রয়োজনীয় নথিপত্ৰ আপলোড কৰাৰ পাছত আবেদন মাচুল জমা দিব লাগিব।
আবেদনপত্র জমা দিয়াৰ পাছত ভৱিষ্যতৰ প্রয়োজনৰ বাবে আবেদনপত্ৰৰ কপি এটা প্ৰিণ্ট কৰি নিজৰ লগত ৰাখক।
শৈক্ষিক অৰ্হতা : গুজৰাট উচ্চ ন্যায়ালয়ত চিভিল জজ পদৰ বাবে আবেদন কৰিবলৈ হ’লে প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীধাৰী হ’ব লাগিব। অৰ্হতাৰ সন্দৰ্ভত সবিশেষ তথ্য ৱেবছাইটত উপলব্ধ।
আবেদন মাচুল : সাধাৰণ শ্ৰেণীৰ আবেদনকাৰীয়ে ১০০০ টকাৰ আবেদন মাচুল জমা দিব লাগিব। সংৰক্ষিত শ্ৰেণীৰ আবেদনকাৰীয়ে ৫০০ টকাৰ আবেদন মাচুল জমা দিব লাগিব।






























