Kaliabor : কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ

1680080089936

Kaliabor :

কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ হ’ল ঐতিহাসিক অশোকাষ্টমী মেলা উৎসৱ৷ নিশাৰে পৰা কলিয়াবৰৰ শিলঘাটৰ লুইতৰ পাৰত আৰম্ভ হৈছে ঐতিহাসিক অশোকাষ্টমী মেলাৰ কাৰ্যসূচী৷

নিশাৰ নামকীৰ্তনৰ পাছত আজি পুৱাই আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান৷ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, পৰ্যটনৰ সম্ভাৰ থকা ৰাজ্যখনৰ দ্বিতীয় কামাখ্যা পীঠ ৰূপে পৰিণত কামাখ্যা মন্দিৰক কেন্দ্ৰ কৰি কামাখ্যা পাহাৰৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰত আজি হেজাৰ হেজাৰ ভক্তপ্ৰাণৰ সমাগমৰে পৰিণত হৈছে মহামিলনৰ তীৰ্থভূমিলৈ৷

ঐতিহাসিক, ধৰ্মীয় পৰম্পৰাক সৰোগত কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বশেষে অগণন ভক্তই আশোকাষ্টমীৰ আজিৰ দিনটোত ব্ৰহ্মপুত্ৰৰ জলৰাশিত প্ৰাতঃস্নান কৰে৷ পূণ্য অৰ্জন কৰাৰ লগতে বিভিন্ন ৰোগ-ব্যাধিৰ পৰা মুক্ত হোৱাৰ উপৰি কামাখ্যা দেৱীক দৰ্শন কৰিলে মনোবাঞ্ছা পূৰণ হোৱাৰ জনবিশ্বাসৰ বাবেই শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ভক্তৰ সমাবেশেৰে প্ৰতি বছৰে উদযাপন হৈ আহিছে এই অশোকাষ্টমী মেলা।

এইবাৰো অশোকাষ্টমী মেলাত অসমৰ বিভিন্ন স্থানৰ পৰা কেবাহেজাৰো দৰ্শনাৰ্থীয়ে পুৱা স্নান কৰাৰ উদ্দেশ্য নিশাৰে পৰা অপেক্ষা কৰে৷ কিংবদন্তি অনুসৰি, মহামুনি পিতা জমদগ্নিৰ আদেশত পৰশুৰামে যেতিয়া মাতৃ হত্যা কৰিছিল, তেতিয়া তেওঁৰ হাতৰ পৰা কুঠাৰ নখহা হ’ল।

পৰশুৰামে পিতৃৰ নিৰ্দেশ সৰোগত কৰি ব্ৰহ্মকুণ্ডত স্নান কৰাত কুঠাৰখন হাতৰ পৰা খহি পৰে৷ তেনে পবিত্ৰ জলৰাশিক মানৱৰ হিতাৰ্থে পৰশুৰামে বোৱাই আনি প্ৰাগজ্যোতিষপুৰত ব্ৰহ্মপুত্ৰক ৰ’বলৈ কৈ কামাখ্যা দেবীক দৰ্শন কৰিবলৈ যায়৷

ব্ৰহ্মপুত্ৰই ক্ষত্ৰিয় ঋষি গৰাকীৰ আদেশ অমান্য কৰাত তেঁও সকলো শূণ্যৰ ফল বিলুপ্তি ঘটাৰ অভিশাপ দিয়ে৷ ঋষিৰ শাপত মুহ্যমান হৈ ব্ৰহ্মপুত্ৰই কাকূতি-মিনতি কৰাৰ অন্তত পৰশুৰাম সন্তুষ্ট হৈ ৰোহিনী নক্ষত্ৰযুক্ত বাসন্তী শুক্লাষ্টমীত ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাৰ স্নানৰ ফল পোৱা আৰু ব্ৰহ্মপদ লাভ কৰাৰ বৰ দিয়ে৷

ইতিহাসে ঢুকি নোপোৱা কালৰেপৰা ব্ৰহ্মপুত্ৰত স্নান কৰি পুণ্য অৰ্জনৰ এই জনবিশ্বাসক কেন্দ্ৰ কৰিয়েই আশোকাষ্টমীৰ দিনা শিলঘাট, ব্ৰহ্মপুত্ৰৰ পাৰত অলেখ ভক্তৰ সমাগম ঘটে। মেলা সমিটিৰ সভাপতি ধৰ্ম বৰাই প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰতি বছৰে অশোকাষ্টমী তিথিত গড়ে প্ৰায় ৪০ হাজাৰৰো অধিক ভক্ত শিলঘাট কামাখ্যা পাহাৰৰ নামনিৰ ব্ৰহ্মপুত্ৰত স্নান কৰে।

সময় অনুসৰি, স্নান যাত্ৰীৰ সমাগম বৃদ্ধিৰ লগে-লগে স্নান ঘাটত আৰম্ভ হয় চিৰা, গুৰ, কল আদিৰ ব্যৱসায়। এই স্নানৰ লগত বা পিচত প্ৰয়োজনীয় সামগ্ৰীৰ লাহে-লাহে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি হ’বলৈ ধৰিলে। মেলামুখী পৰিৱেশৰ মাজত সময়ৰ গতিত এদিনীয়া অশোকাষ্টমী মেলা সপ্তাহ জোৰাকৈ উদযাপিত হ’বলৈ লয়।

এনেদৰেই ১০২ বছৰত ভৰি দিলে কলিয়াবৰৰ শিলঘাটৰ আশোকাষ্টমী মেলাই৷ কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ বালিত বছৰ বছৰ ধৰি বিশাল আয়োজনেৰে অনুষ্ঠিত হৈ অহা অশোকাষ্টমী মেলাই পৰ্যটনক্ষেত্ৰত কলিয়াবৰলৈ বৰঙনি আগবঢ়াই আহিছে। অসম পৰ্যটন বিভাগত অন্তৰ্ভুক্ত হ’ল এই শিলঘাট অশোকাষ্টমী মেলা।

যোৱা ৰাতি নাম-কীৰ্তনৰ পাছত আজি পুৱাৰে পৰা আৰম্ভ হৈছে সমূহীয়া স্নান আৰু পূৰ্বপুৰুষৰ অস্থি বিসৰ্জনৰ মাংগলিক অনুষ্ঠান৷ যি অনুষ্ঠানত পাঁচ শতাধিক লোকৰ অস্থি বিসৰ্জন হৈছে শিলঘাটৰ লুইতৰ বুকুত ৷ পাঁচদিনীয়াকৈ অনুষ্ঠিত এই মেলা অহা দুই এপ্ৰিলত সামৰণি পৰিব৷

Exit mobile version