Lakhipur : কাছুমাৰাৰ মৰিচাকান্দিত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট , নিহত দুজন আহত ন

images 1 4

Lakhipur :

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৰিচাকান্দি-লক্ষীপুৰত আজি ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ।

ঘটনাটোত দুজনকৈ লোক নিহত হোৱাৰ লগতে ন জনকৈ লোক গুৰতৰ ভাৱে আহত হোৱাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

তথ্য অনুসৰি গাঁৱ খনৰে বিল্লাল হুছেইনৰ পক্ষ আৰু আজিজুল হকৰ পক্ষৰ মাজত দীৰ্ঘদিনৰ পৰা চলি আছিল ভূমি বিবাদ ।

আজি দুই ফৈদৰ মাজত প্ৰথমে তৰ্কাতৰ্কি লাগে যদিও উক্ত তৰ্কাতৰ্কিয়ে অৱশেষত চূড়ান্ত ৰূপ ধাৰণ কৰাত দুয়োটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়।

উভয়ে উভয় পক্ষক চোকা অস্ত্ৰ, দা আদিৰে আক্ৰমণ কৰাত ঘটনাস্থলীতে আজিজুল হক(৪২) নামৰ চৰকাৰী গাওঁ প্ৰধান জনৰ থিতাতে নিহত হোৱাৰ লগতে মাৰপিটত গুৰুতৰ ভাৱে আহত হয় ন জনকৈ লোক।

আহত লোককেইজনক ততাতৈয়াকৈ স্থানীয় ৰাইজে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত তেওঁলোকক ভৰ্ত্তি কৰায় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদানৰ কৰিয়েই আটাইকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জি এম চি লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে , চিকিৎসালয়লৈ যোৱাৰ পথতে গুৰুতৰ ভাবে আহত হোৱা জাকিৰ হুছেইনে (৫০) মৃ্ত্যক সাৱটি লয় । এই মাৰপিটৰ ঘটনাই অঞ্চলটোত এতিয়া উত্তেজনাই বিৰাজ কৰিছে।

Exit mobile version