Bokajan : বোকাজানৰ বৰপথাৰ আৰক্ষীৰ তালাচীত অবৈধ অৰুণাচলী সুৰা জব্দ

Bokajan :

আজি পুৱা গুৱাহাটীৰ পৰা অহা এন.এল.০১এচি ৪৬৬৫ নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই বৰপথাৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা ৷

আৰক্ষীৰ সুত্ৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলোৱা হৈছিল আৰু উক্ত ট্ৰাকখনৰ পৰা জব্দ কৰা হৈছিল ৭৪৯ কাৰ্টুন অৰুণাচলী সুৰাৰ বটল ৷

সুত্ৰ অনুসৰি গুৱাহাটীৰ লখৰাত ট্ৰাকখনত বোজাই কৰিছিল এই সুৰাৰ কাৰ্টুনসমূহ ৷ আৰক্ষীয়ে জনোৱা মতে মণিপুৰৰ ইম্ফললৈ সৰৱৰাহৰ চেষ্টা কৰিছিল এই সুৰাখিনি ৷

উল্লেখযোগ্য যে আৰক্ষীৰ চকুত ধুলি দিবলৈ আলু আৰু পিয়াঁজৰ বস্তাৰ তলত সহমোৱাই আনিছিল সুৰাৰ বটলৰ কাৰ্টুন সমূহ ৷

জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় সোতৰ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷আৰক্ষীয়ে ট্ৰাকখনৰ চালক আচৰফি ৰায়ক আটক কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷

Exit mobile version