Delhi:উপসর্গ থাকিলে দিল্লীত পৰিধান কৰিব লাগিব মাস্ক

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা

WhatsApp Image 2023 03 31 at 20.22.05

Delhi:

সমগ্র দেশতে আকৌ এবাৰ ক’ভিড কেন্দ্রিক উদ্বেগ বৃদ্ধি পাইছে। ৰাজধানী দিল্লীতো ক’ভিড আক্ৰান্তৰ সংখ্যা শেহতীয়াভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে আজি মাস্ক পৰিধানৰ বাবে এক নিৰ্দেশনা জাৰি কৰিলে।

দিল্লীৰ ক’ভিড পৰিস্থিতিক লৈ জৰুৰী বৈঠকত অংশ লোৱাৰ পাছত স্বাস্থ্যমন্ত্রী সৌৰভ ভৰদ্বাজে ঘোষণা কৰি কয় যে ক’ভিড উপসর্গ থকা ব্যক্তিয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিব লাগিব ।

ভদ্বাজে এইদৰে কয়, ‘আমি এক নিৰ্দেশনা জাৰি কৰিছো। যিসকল ব্যক্তিৰ জ্বৰসহ কৰ’নাৰ অন্যান্য উপসর্গ আছে, তেওঁলোকে মাস্ক পৰিধান কৰিব লাগিব।”

উল্লেখ্য যে বুধবাৰে দিল্লীত ৩০০ জন লোক ক’ভিড আক্ৰান্ত হৈছিল। যোৱা ২৪ ঘণ্টাত দিল্লীত দুজন ক’ভিড ৰোগীৰ মৃত্যু হ’ল।

Exit mobile version