Dsp Lovlina Borgohain:ডি এছ পি লাভলীনাক অসম আৰক্ষীৰ অফিচাৰ্ছ ক্লাৱত উস্ম আদৰণি

উপহাৰ হিচাপে লাভলীনালৈ আৰক্ষীয়ে আগবঢ়াব এটা ফ্লেট

WhatsApp Image 2023 03 31 at 17.32.34 1

Dsp Lovlina Borgohain :

নতুন দিল্লীত অনুষ্ঠিত হোৱা সদ্য সমাপ্ত মহিলা বিশ্ব বক্সিং চেম্পিয়নচিপৰ স্বৰ্ণজয়ী তথা অলিম্পিক বঞ্জ পদক প্ৰাপ্ত লৌহকন্যা লাভলীনা বৰগোহাঁইক আজি অসম আৰক্ষীৰ অফিচাৰ্ছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত উস্ম আদৰণি জনায় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

এই অনুষ্ঠানতে লাভলীনাৰ পিতৃ- মাতৃকো সম্বৰ্ধনা জনাই আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷ অসম আৰক্ষীত উপ- আৰক্ষী অধীক্ষক ৰূপে নিয়োজিত বক্সাৰগৰাকীক জনোৱা আদৰণি ভাষণত ডি জি পি গৰাকীয়ে ঘোষণা কৰে যে , লাভলীনাক অসম আৰক্ষীৰ ফালৰ পৰা গুৱহাটীত এটা ফ্লেট উপহাৰ হিচাপে প্ৰদান কৰা হ’ব।

উল্লেখ্য যে, লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত মহিলা বক্সিং ইভেণ্টত বঞ্জ পদক অৰ্জন কৰি প্ৰথম গৰাকী অসমীয়া হিচাপে স্বীকৃতি লাভ কৰে ৷

দেশ আৰু ৰাজ্যলৈ সন্মান কঢ়িয়াই অনাৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি লাভলীনাক ডি এছ পি পদত নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে ৷

আনহাতে অসম আৰক্ষীৰ এই বদ্যনতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে লাভলীনা বৰগোহাঁয়ে ৷ বক্সিংৰ বিভিন্ন ইভেণ্টৰ প্ৰশিক্ষণত ব্যস্ত থকা হেতুকে অসম আৰক্ষীত সময় দিব নোৱাৰা বাবে দুখ প্ৰকাশ কৰি লাভলীনাই কয় আগন্তুক দিনত অসস আৰক্ষী আৰু দেশবাসীৰ আশা আকাংক্ষাক পূৰণ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব ৷

একেদৰে অসম আৰক্ষীৰ দেৰগাঁওৰ প্ৰশিক্ষণ কেন্দ্ৰত তেওঁ লোৱা প্ৰশিক্ষণে সময়ৰ সৈতে কেনেদৰে খোজ দি আগুৱাই যাব পাৰি তাৰ উৎকৃষ্ট মাৰ্গদৰ্শন দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য দিয়ে লৌহকন্যা গৰাকীয়ে ৷

Exit mobile version