Father Arrested For killing Four-Month-Old Daughter: মৰ্মান্তিক ঘটনা !

মাতৃৰ বুকুত থকা অৱস্থাত নিষ্টুৰ পিতৃৰ লাঠিৰ প্ৰহাৰত মৃত্যু চাৰিমহীয়া দেৱশিশুৰ

WhatsApp Image 2023 03 31 at 15.45.50

Father Arrested For killing Four-Month-Old Daughter:

অতি কৰুণ আৰু মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে হাটশিঙিমাৰীত ৷ পিতৃৰ লাঠিৰ প্ৰহাৰত থিতাতে শোকাৱহ মৃত্যুক সাবটি লয় এটি চাৰিমহীয়া দেৱশিশুৱে।

ADVERTISEMENT

এই চাঞ্চল্যকৰ কৰুণ ঘটনা সংঘটিত হয় হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত। পিতৃৰ প্ৰহাৰত মৃত্যু হোৱা চাৰিমহীয়া কন্যা শিশুটিৰ নাম ৰুমী খাতুন।

আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে পাষাণ পিতৃ আব্দুল বছিৰ শ্বেখ। প্ৰাপ্ত খবৰ অনুসৰি দুই স্বামী- স্ত্ৰী ঘৰুৱা বিষয় এটাক লৈ দুয়োৰে মাজত কথাৰ কটাকটি হৈ থকাৰ মাজতে খঙৰ ভমকত আব্দুল বছিৰ শ্বেখে হঠাতে এডাল লাঠিৰে পত্নীক উপযুপৰি প্ৰহাৰ কৰে ৷

ইয়াৰ মাজতে লাঠিৰ প্ৰচণ্ড কোব পৰে পত্নীৰ কোলাত থকা কণমানিৰ গাত ৷ লগে লগে কৰুণ মৃত্যুক সাবটি লয় কণমানি দেৱশিশুটিয়ে ৷

ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত দণ্ডাধীশ আৰু খাৰুৱাবান্ধা আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজলোৱাৰ লগতে পলায়ন কৰা পাষাণ পিতৃ আব্দুল বছিৰ শ্বেখক আটক কৰে ৷

Exit mobile version