Lat Mandal Arrested In Kamalpur : ৰাজ্যত পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

WhatsApp Image 2023 03 31 at 15.01.03

Lat Mandal Arrested In Kamalpur:

লোভেই পাপ,পাপেই মৃত্যু ৷ এই আপ্ত বাক্যশাৰী প্ৰযোজ্য হ’ল এগৰাকী লাট মণ্ডলৰ ক্ষেত্ৰত ৷ দীৰ্ঘদিন ধৰি মাটি নামজাৰি আদি বিভিন্ন কাম কৰি দিয়াৰ বাবদ ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উঠিছিল ঘোচখোৰ মণ্ডল গৰাকীৰ বিৰুদ্ধে ৷

কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসক আজি কাৰ্যালয়ত ঘোচ লওঁতেই হাতেলোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই

এগৰাকী লোকৰ পৰা পাঁচ হাজাৰ টকা ঘোচ লোৱাৰ সময়ত ধৰা পৰে লাট মণ্ডল দাস ৷ ইতিমধ্যে আটকাধীন মণ্ডল গৰাকীক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে দুৰ্নীতি নিবাৰক শাখাই ৷

Exit mobile version