Birthday Celebration : শিক্ষাবিদ লেখিকা অহল্যা গগৈৰ ৯১ সংখ্যক জন্মদিনত আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা অগ্ৰদূতৰ কাৰ্যালয়ত

ef372656 bc6d 4a86 ba8f 3716363a5671

Birthday Celebration :

শিক্ষাবিদ প্রবন্ধ লেখক, অনুবাদক, জীৱনীকাৰ, কবি অহল্যা গগৈৰ ৯১ সংখ্যক জন্মদিন আজি অগ্রদূত ভৱনত উদযাপন কৰা হয়।

পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আৰু হেমলতা সন্দিকৈৰ দুহিতা অহল্যা গগৈ সম্প্ৰতি শাৰীৰিক অসুস্থতাৰ ফলত চিকিৎসাধীন হৈ আছে। সেয়ে তেওঁৰ আজিৰ জন্মদিনটোত ‘অগ্রদূত ভৱন’ত এখন প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় আৰু উপস্থিত প্রত্যেকে বিশিষ্ট লেখিকাগৰাকীৰ আশু আৰোগ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কনকসেন ডেকাই লেখিকাগৰাকীৰ চমু জীৱন বৃত্তান্ত আৰু লিখন শৈলী দাঙি ধৰি কয় যে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ আৰু হেমলতা সন্দিকৈৰ দুহিতা অহল্যাই ১৯৩৩ৰ পহিলা এপ্ৰিলত যোৰহাটত জন্মগ্রহণ কৰিছিল।

তেওঁ অধ্যাপিকা আছিল আৰু ইতিমধ্যে বহু গ্রন্থ ৰচনা কৰিছে। মহাত্মা গান্ধীৰ লগতে কৃষ্ণকান্ত সন্দিকৈৰ কিতাপ বিলাক তেওঁ অনুবাদ কৰিছে। পৰৱৰ্তী সময়ত তেওঁৰ গ্ৰন্থসমূহ আঁঠুৰ অস্ত্ৰোপচাৰ হৈছিল। ফলত খোজ-কাটলত তেওঁৰ কিছু সমস্যা হৈছিল যদিও বিছনাত বহি বহিয়েই কলম চলাই গৈছিল।

অহল্যা গগৈক ‘দৈনিক অগ্ৰদূত’ৰ নিয়মীয়া লেখক বুলি ডেকাই মন্তব্য কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক অৰূপজ্যোতি মহন্তই লেখিকা গগৈৰ প্ৰতিটো লেখাই প্ৰেৰণাদায়ক বুলি মন্তব্য কৰে।

জ্যেষ্ঠ লেখিকাগৰাকী শীঘ্ৰে সুস্থ হৈ উঠক বুলি তেওঁ ভগৱানৰ ওচৰত প্রার্থনা জনায়। একেদৰে সাংবাদিক মনোজ কুমাৰ ভট্টাচাৰ্যই ‘দৈনিক অগ্রদূত’ৰ নিয়মীয়া লেখক মুস্তাফিজুৰ ৰহমানৰ দৰেই অহল্যা গগৈৰো জন্মদিন উদযাপন কৰা হৈছে বুলি মন্তব্য কৰি কয় যে কয় যে লেখিকা গগৈৰ লেখাত আনে নিলিখা বহু কথা প্রকাশ পাইছে।

লেখিকাই বহু অভিজ্ঞতা অগ্ৰদূতৰ জৰিয়তে সমাজৰ হিতৰ বাবে বিলাই দিছিল বুলি ভট্টাচার্যই মন্তব্য কৰি সম্প্ৰতি লেখিকা গগৈ অসুস্থ হৈ শয্যাগত হৈ থকা বিষয়টো অৱগত হৈ দুখ প্ৰকাশ কৰি আশু আৰোগ্য কামনা কৰে।

ইয়াৰ উপৰি ‘দৈনিক অগ্রদূত’ৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদে দেশত মহিলা নিবন্ধকাৰৰ সংখ্যা তেনেই নগণ্য বুলি মন্তব্য কৰি অহল্যা গগৈক ইয়াৰ বাটকটীয়া ৰূপে অ্যাখ্যা দিব পাৰি বুলি কয়৷

লেখিকাগৰাকীয়ে পুনৰ কলম চলাই যাব পৰাকৈ সুস্থ হৈ উঠক বুলি তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ইয়াৰ উপৰি জ্যেষ্ঠ সাংবাদিক পলাশৰঞ্জন দাসে গগৈয়ে লেখাসমূহত যিবোৰ দিশ উপস্থাপন কৰে , বহুতৰে বাবে এই তথ্যসমূহ সমল হৈ পৰে বুলি কয় । উল্লেখ্য যে অনুষ্ঠানত এক মিনিট মৌন প্ৰাৰ্থনা কৰি লেখিকাগৰাকীৰ আশু আৰোগ্য কামনাৰে অগ্ৰদূত পৰিয়ালৰ সদস্যসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

Exit mobile version