Labour Dead In Rangapara : ৰঙাপৰাত অঘটন !

ৰূপাজুলি চাহ বাগিছাৰ ফেক্টৰীত কৰ্মৰত অৱস্থাতে মৃত্যু দুই শ্ৰমিকৰ

22f81c19 5bc4 47f2 83b3 c2fa2a33a29c

Labour Dead In Rangapara :

শোণিতপুৰৰ ৰঙাপৰাৰ ৰূপাজুলি চাহ বাগিছাত অঘটন ৷ বাগিছাৰ কঠালগুৰি ফেক্টৰীত কৰ্মৰত হৈ থকা দুই শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বাগিছা খনত ৷

প্ৰাপ্ত খবৰ অনুসৰি ফেক্টৰীটোৰ ওপৰত টিনপাত লগাই থকা অৱস্থাত হঠাতে তললৈ সৰি পৰাত দুই শ্ৰমিকে থিতাতে কৰুণ মৃত্যুক সাবটি লয় ৷ মৃত শ্ৰমিক দুজন ৰোহিত তাঁতী আৰু ছবি তাঁতী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

ইতিমধ্যে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ ৰজু কৰিছে এটি গোচৰ ৷লগতে মৃতদেহ দুটা মৰনোত্তৰ পৰীক্ষাৰ বাবে শোণিতপুৰ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷

Exit mobile version