Manas National Park :মানাহৰ পৰ্যটন ইতিহাসত অভিলেখ

৩৪ খন বহিঃৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ,বিগত ৭ টা বছৰৰ তুলনাত সৰ্বোচ্চ ৰাজহ উপাৰ্জন

WhatsApp Image 2023 04 01 at 19.43.12

Manas National Park :

কালি ৰাজ্যখনৰ বিত্তীয় বৰ্ষটোৰ সামৰণি পৰাৰ পিছতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটা পৰ্যটকৰ সংখ্যাৰ লগতে পৰ্যটন উদ্যোগটোৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনে অৰ্জন কৰা ৰাজহৰ বিষয়ে সদৰি কৰা হৈছে ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বন কাৰ্যালয়ৰ বন বিষয়া অভিনৱ বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৩৪ খন বিদেশী ৰাষ্ট্ৰৰ পৰা মানাহলৈ আগমণ ঘটা ৭৯৯ গৰাকী পৰ্যটকৰ উপস্থিতিৰে ৰাষ্ট্ৰীয় উদ্যান খনে এইবেলি অভিলেখ সৃষ্টি কৰা বুলিও দাবী কৰিছে।

বিশ্বৰ চহকী ৫ খন ৰাষ্ট্ৰৰ পৰ্যটকৰ উপস্থিতিৰ ক্ষেত্ৰত ইংলেণ্ড প্ৰথম,আমেৰিকা দ্বিতীয়,ফ্ৰান্স তৃতীয়,আয়াৰলেণ্ড চতুৰ্থ আৰু ডেনমাৰ্কএ পঞ্চম স্থান লাভ কৰাৰ কথা প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

আনহাতে ঘৰুৱা পৰ্যটকৰ উপস্থিতিৰ ক্ষেত্ৰত গৃহ ৰাজ্য অসমে প্ৰথম স্থানত থকাৰ বিপৰীতে পশ্চিমবঙ্গ, মহাৰাষ্ট্ৰ,কৰ্ণাটক, মেঘালয় আৰু গুজৰাটএ ক্ৰমে দ্বিতীয়, তৃতীয়,চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰাৰ কথা বিজ্ঞপ্তিটোত জনোৱা হৈছে ।

অৱশ্যে দাদ্ৰা নগৰ হাভেলী,দমন আৰু দিউ দ্বীপ ৰাজ্যসমূহৰ পৰ্যটক এইবেলি অনুপস্থিত বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

তদুপৰি বিত্তীয় বৰ্ষ সমাপ্তিৰ‌ অন্তিম দিনটোলৈকে অৰ্থাৎ কালি ৩১ মাৰ্চলৈকে বিগত সাতটা বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনে ১,৩৫,৮৪,৪৫০ (এক কোটি পয়ত্ৰিশ লাখ চৌৰাশী হাজাৰ চাৰিশ পঞ্চাশ)টকা ৰাজহ উপাৰ্জনেৰে আন এক অভিলেখ সৃষ্টিৰো বিজ্ঞপ্তিটোৰ জৰিয়তে দাবী কৰা হৈছে ।

আনহাতে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসিন্দা ব্যাঘ্ৰকুলৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বেঁকী নৈৰ সমীপৰ মঠনগুৰিৰ বন বিভাগৰ বাংল’ত পৰ্যটকৰ বাবে সচৰাচৰ থকা নিশা যাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এইবেলি জাৰি কৰা নিষেধাজ্ঞাই পৰ্যটকৰ আগমণৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি একাংশ লোকে কৰা আশংকাক বিজ্ঞপ্তিটোৰ জৰিয়তে নুই কৰা হৈছে।

পৰ্যটকৰ সংখ্যা বৃদ্ধি আৰু ৰাজহ বৃদ্ধিৰ বিষয়টোত ‘মানচ একোমোডেশ্যন এণ্ড টুৰিজিম ছ’ছাইটি’ আৰু জীপ ছাফাৰী এচোছিয়েশ্যনৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত সক্ৰিয় বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে লোৱা ভূমিকাৰো শলাগ লোৱা হৈছে।

অৱশ্যে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অনলাইন ব্যৱস্থাৰে পৰ্যটকসকললৈ বুকিঙৰ সুবিধা প্ৰদান কৰাত পৰ্যটকসকলে অনলাইন বুকিঙ ব্যৱস্থাৰ সহায় লোৱাত পৰ্যটকৰ সংখ্যা বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলোৱা দেখা গৈছে।

তদুপৰি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ বাবে অধিক সংখ্যক পৰ্যটকেই জীপ ছাফাৰী ব্যৱস্থাটোক অগ্ৰাধিকাৰ দিয়াৰ পিছতে ক্ৰমান্বয়ে হাতী ছাফাৰী,নৌকা বিহাৰ আৰু হাতীৰ প্ৰতিপালন কৰা দৃশ্য প্ৰত্যক্ষ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে।

Exit mobile version