Three Poachers Arrested In Jamugurihat :কাজিৰঙাৰ বাগৰিৰ গঁড় হত্যাৰ লগত জড়িত তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ

আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰাৰ পাছতে নিশা আৰক্ষীয়ে চলাইছিল অভিযান

9aed4717 4bb4 40ab 99ef b1f871e86f28 1

Three Poachers Arrested In Jamugurihat :

কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ বাগৰিৰ গঁড় হত্যাৰ লগত জড়িত তিনি হত্যাকাৰীক যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, নগাওঁ আৰক্ষীয়ে গঁড় চিকাৰীৰ সম্ভেদ দিওতালৈ পুৰস্কাৰ হিচাপে পাঁচ লাখ টকাৰ মাননি ঘোষণা কৰিছিল ৷

কিন্ত আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত শুক্ৰবাৰে নিশা জামুগুৰিহাটত অৰ্তকিতে অভিযান চলাই এটা দুধৰ্ষ গড় চিকাৰী আটক কৰে।

স্মতৰ্ৱ্য যে যোৱা সপ্তাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিত বৰ্ষৰ প্ৰথমটো গঁড় নিধন কৰে চোৰাং চিকাৰীয়ে ৷ ইয়াৰ পাছতে ডি জি পি কঠোৰ স্থিতিত আৰক্ষীয়ে চোৰাং চিকাৰীৰ সন্ধানত তীব্ৰতৰ কৰি তোলে অভিযান ৷

এই অভিযানৰ অংশ হিচাপে যোৱা নিশা কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীয়ে জামুগুৰি আৰক্ষীৰ সহযোগত অব্যাহত ৰখা যৌথ অভিযানত আৰক্ষীৰ জালত পৰে দুৰ্ধৰ্ষ গঁড় চিকাৰী হাৰুণ ইছলাম ৷

গঁড় চিকাৰী হাৰুণ ইছলামক জামুগুৰি আৰক্ষী আৰু জখলাবন্ধা আৰক্ষীয়ে যৌথ অভিযানত জামুগুৰিহাটৰ চাৰি নং চিৰুৱানীৰ পৰা আটক কৰিছিল ৷

আনহাতে ধৃত হাৰুণ ইছলামৰ স্বীকাৰোক্তি ভিত্তিত আন দুজন গঁড় চিকাৰী ক্ৰমে ৰকেট আলী আৰু সুভান হাছানক আজি পুৱা আটক কৰিবলৈ সক্ষম হয় ৷

Exit mobile version