Zubeen Garg : অবিভক্ত গোৱালপাৰাৰ ভূমিত জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা জিচিএলঅৰ

অবিভক্ত গোৱালপাৰাৰ ভূমিত জুবিন গাৰ্গে অনুষ্ঠান পৰিবেশন কৰিলে অঘটন ঘটোৱাৰ হুংকাৰ জিচিএলঅৰ

zubeen garg 1548739776
ADVERTISEMENT

Zubeen Garg :

গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ জিচিএলঅ নামৰ উগ্ৰপন্থী সংগঠনৰ ৰোষত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।পৃথক কামতাপুৰ ৰাজ্য পুনৰগঠন সম্পর্কত বিতৰ্কিত মন্তব্য কৰি উগ্ৰপন্থী সংগঠন জিচিএলঅৰ ৰোষত পৰিল জুবিন গাৰ্গ।

আজি গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ জিচিএলঅ নামৰ উগ্ৰপন্থী সংগঠনটোৰ সভাপতি নিৰ্মল ৰায়ে সংবাদমাধ্যম লৈ এক অডিও বাৰ্তাযোগে অবিভক্ত গোৱালপাৰাৰ ভূমিত জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা কৰে।

লগতে অবিভক্ত গোৱালপাৰাৰ ভূমিত জুবিন গাৰ্গে যিকোনো অনুষ্ঠান পৰিবেশন কৰিলে অঘটন ঘটোৱাৰ হুংকাৰ প্ৰদান কৰে গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ জিচিএলঅৰ সভাপতি নিৰ্মল ৰায়ে।

Exit mobile version