Gmch Fire:
গুৱাহাটী মেডিকেল কলেজ হাস্পতাল বিধ্বংসী অগ্নিকাণ্ড ৷ পুৰণি ভৱনৰ প্ৰথম মহলাৰ এটা লেবৰ পৰা সূত্ৰপাত জুই সম্প্ৰসাৰিত হয় পেথলজি বিভাগলৈ ৷ ভয়াৱহ অগ্নিকাণ্ড বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাঁহ যায় ৷
অগ্নিকাণ্ডক লৈ ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ অৱস্থা ৷ ঘটনাৰ খবৰ পায়ে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাইছে ৷
অগ্নিকাণ্ড কাৰণ জানিব পৰা হোৱা নাই যদিও শ্বটচাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিতৰ সন্দেহ কৰা হৈছে ৷ ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৷