Jalukbari Fire :জালুকবাৰীত নিশা ভয়ংকৰ বিধ্বংসী অগ্নিকাণ্ড 

বিধ্বংসী অগ্নিকাণ্ড ভস্মীভূত এটা বাসগৃহ

WhatsApp Image 2023 04 03 at 11.21.35

Jalukbari Fire :

জালুকবাৰীৰ সুন্দৰীবড়ীত যোৱা নিশা সংঘটিত হয় এক অগ্নিকাণ্ড | জুইত ভস্মীভূত হয় এটা বাসগৃহ | সুন্দৰীবড়ীৰ অজিত নাথ নামৰ লোক এজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড |

বিধ্বংসী অগ্নিকাণ্ডত বিস্ফোৰিত হয় এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ৷ এই অগ্নিকাণ্ডত এগৰাকী মহিলা গুৰুত্বৰভাৱে আহত হয় ৷জুইৰ জাঁহ যায় অজিত নাথ নামৰ লোকজনৰ কেইবালাখ টকাৰ সা-সম্পত্তি

অগ্নিকাণ্ডৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীৰ লোকে বহু চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত খবৰ মতে, চৰ্ট শ্বাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হয় ৷ ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version