Video Viral In APCC Meeting : প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাৰ ভিডিঅ’ ভাইৰেল চ’ছিয়েল মেডিয়াত

বকোৰ বিধায়িকা নন্দিতা দাসে ৰেকৰ্ডিৰ কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক পৃথ্বীৰাজ সাথেৰ ভাষ্য !

6c44e592 3a18 4455 86b0 c9b88ff43fe5

Video Viral In APCC Meeting :

বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে দিল্লীত ব্যাপক ৰণনীতি গ্ৰহণ কৰাৰ বিপৰীতে অসমত দলটোৰ অন্তভাগত চলিছে নানান খামখেয়ালী ৷

দলীয় অনুশাসন একপ্ৰকাৰ নস্যাৎ কৰিছে বহু কেইজন বিধায়ক নেতা- কৰ্মীয়ে ৷ যাৰবাবে বিধানসভাৰ অধিবেশনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই জনাইছিল কংগ্ৰেছৰ ভিতৰুৱা তথ্য গম পায় বিজেপিয়ে। কংগ্ৰেছৰ প্ৰতিটো খবৰ গম পায় মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতে প্ৰদেশ কংগ্ৰেছত একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে সদনতে মুখ্যমন্ত্ৰীয়ে বক্তব্য প্ৰত্যাহাৰ কৰে যদিও সন্দেহ বীজ ৰোপন কৰি যায় ৷

যাক লৈ এতিয়া এ পি চি চিত চলিছে ব্যাপক চৰ্চা৷আনহাতে চৰ্চাৰ মাজতে এইবাৰ ভূতৰ ওপৰত দানহ পৰাৰ দৰে লাহৰিঘাটৰ কংগ্ৰেছ বিধায়ক ডা:আছিফ মহম্মদ নাজেৰে মুখ্যমন্ত্ৰীক মুকলিকৈ কৰা প্ৰশংসাসূচক মন্তব্যই জ্বলা জুইত ঘিউ ঢলাৰ দৰে হয় ৷

বিধায়ক গৰাকীৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰিছে বুলি মন্তব্য কৰি এ পি চি চিৰ সভাপতি ভূপেন বৰাই কাৰণ দৰ্শোৱা জাননী বিধায়কজনলৈ প্ৰেৰণৰ কৰাৰ কথা সদৰি কৰে ৷ শেহতীয়াকৈ কংগ্ৰেছত বহু কেইজন গাড্ডাৰ বিধায়ক সক্ৰিয় হৈ থকাৰ কথা প্ৰকাশ কৰে এ পি চি চিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷

দলটোত থকা গুপ্তচৰ বিচাৰি অভিযান চলোৱাৰ মাজতে আজি আন এক চাঞ্চল্যকৰ ভিডিঅ’ই জোকাৰি গ’ল কংগ্রেছক৷ এইবাৰ বকোৰ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে উঠিছে আন এক গুৰুত্বৰ অভিযোগ ৷

দেওবাৰে এপি চিৰ কাৰ্যালয়ৰ ৰাজিৱ ভৱনত অনুষ্ঠিত হোৱা কাৰ্যনিবাহক সভাত এ আই চি চিৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ ভাষ্য গোপনে মোবাইলত আবদ্ধ কৰিছিল বকোৰ বিধায়িকা নন্দিতা দাসে।

ইতিমধ্যে দাসে ম’বাইল বন্দী কৰা দৃশ্য আজি অসমৰ সংবাদ মাধ্যমত ফাদিল হোৱাৰ পাছতে ভূপেন বৰা সহ জ্যেষ্ঠ নেতা সকল গৰজি উঠে ৷

ইপিনে প্ৰদেশ কংগ্ৰেছৰ ভাতৰ চ’ৰাত চৰ্চিত বিষয় হৈ পৰিছে নন্দিতা দাসেই নেকি বিজেপিক কংগ্ৰেছৰ ভিতৰুৱা তথ্য দিয়া গুপ্তচৰ গৰাকী৷

আনহাতে বিধায়িকা গুপ্তচৰ বিষয়টো একেমুখে নাকচ কৰি চাফাই দিয়ে যে ,তেওঁ এ আই চি চিৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ ভাষ্য মুক্তভাৱে ৰেকডিং কৰিছে ৷যিহেতুকে কেন্দ্ৰীয় নেতাজনে ৰাহুল গান্ধীৰ সাংসদ পদ ফাদিল বিষয়টো সাৱলীলভাৱে উপস্থাপন কৰিছিল ৷যিটো মোৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছিল।

সমষ্টিবাসীৰ মাজলৈ লৈ যোৱা হেতুকে ভাষ্য ৰেকডিং কৰিছো ৷কিন্ত প্ৰশ্ন হয় মোৰ এই দৃশ্য ভাইৰেল কৰিলে কোনে ৷ ইতিমধ্যে মোৰ ৰেকডিংৰ কথা এ আই চি চিত অৱগত কৰিছো ৷

ইয়াত গুপ্তচৰৰ কথাটো আহিল ক’ৰ পৰা বুলিও মন্তব্য কৰে৷ এনে ঘটনাক্ৰমৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি বিধায়ক কমলাক্ষ পুৰুকায়স্থই ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

তেওঁ কয় যে,দলটোৰ বিধায়ক ,নেতা- কৰ্মীৰ ওপৰত একপ্ৰকাৰ নিয়ন্ত্ৰণ নাইকিয়া হৈ পৰিছে ৷যাৰ যি ইচ্ছা তাকে কৰি গৈছে ৷
এনে প্ৰেক্ষাপটত মই মোৰ পদৰ পৰা পদত্যাগৰ গতান্তৰ নাই ৷

Exit mobile version