Arms Smuggler Arrested In Nagaon :ক্ৰিকেটাৰৰ ভেশত নগাঁও আৰক্ষী অভিয়ান

পিষ্টল বিক্ৰী কৰি থাকোতেই কৰায়ত্ত দুই নাগালেণ্ডৰ অস্ত্ৰ সৰবৰাহকাৰী

fb2df470 a2ef 49b5 8c8a 7a83e44c8eeb

Arms Smuggler Arrested In Nagaon :

নগাঁও আৰক্ষীৰ এটি দলে ক্ৰিকেটাৰৰ ভেশত বৰঘাট বাইপাছৰ চিমচ হাস্পাতালৰ সমীপত অভিযান চলাই দুই দুৰ্ধৰ্ষ অস্ত্ৰ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

নাগালেণ্ডৰ পৰা ৰে’লৰে আহি চাপৰমুখ ষ্টেচনত নামি তাৰ পৰা গাড়ীৰে আহি বৰঘাটত এজন লোকক পিষ্টল বিক্ৰী কৰিব লওঁতেই দুই লোকক আটক কৰে ক্ৰিকেটাৰৰ ভেশত থকা নগাঁও আৰক্ষীৰ দলটোৱে৷

আৰক্ষীয়ে নাগালেণ্ডৰ দুধৰ্ষ অপৰাধীটোৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল আৰু পাঁচজাই সক্ৰিয় গুলী জব্দ কৰে ৷ধৃত অস্ত্ৰ সৰবৰাহকাৰীটোৰ নাম ইমপা গুমপা আৰু তাৰু গুমপা ৷ইতিমধ্যে আটকাধীন যুৱক দুজনক অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version