Implementation Of Assam Accord : অসম চুক্তি প্ৰসংগক লৈ উত্তাল বিধানসভবিৰোধী

দলপতিয়ে সোধা প্ৰশ্নত,বিভাগীয় মন্ত্ৰীৰ কটাক্ষ ,ভূত মুখত ৰাম নাম

76011285 0af3 4c21 8555 41b5d261c666

Implementation Of Assam Accord :

অসম চুক্তি ৰূপায়ণ প্ৰসংগক লৈ আজি উত্তাল হয় অসম বিধান সভা৷ আজি বিধানসভাৰ বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনটোত সদনৰ মজিয়াত প্ৰশ্নকাল ঘন্টাত “অসম চুক্তি ৰূপায়ণ” সন্দৰ্ভত এক তৰাযুক্ত প্ৰশ্ন বিভাগীয় মন্ত্ৰী অতুল বৰাক উদ্দেশ্যি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰে৷

অসম চুক্তিৰ ৫ নং আৰু ৬নং দফাৰ প্ৰশ্নৰ পাছতে উত্তাল হৈ পৰে সদন। শইকীয়াই সোধা প্ৰশ্নোত্তৰত বিভাগীয় মন্ত্ৰী অতুল বৰাই যথাৰ্থত উত্তৰ নিদিয়াৰ অভিযোগ তুলি কংগ্ৰেছ বিধায়ক সকলে প্ৰতিবাদ কৰে ৷

ইয়াৰ পাছতো মন্ত্ৰীয়ে কোনো উত্তৰ নিদি অন্য প্ৰসংগ টানি অনাত খৰ্গহস্ত হৈ কংগ্ৰেছী বিধায়কসকলে সদন ত্যাগ কৰে ৷ উল্লেখ্য যে বিধায়ক শইকীয়াৰ প্ৰশ্ন আছিল- অসম চুক্তিক লৈ বৰ্তমানৰ চৰকাৰে কি কৰিছে?

একেদৰে অসম চুক্তিৰ ৫নং আৰু ৬নং দফা ৰূপায়ণৰ বাবে চৰকাৰে কি কি পদক্ষেপ লৈছে? বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ বাবে অসম চুক্তি অনুসৰি গ্ৰহণ কৰা সময়সীমা পৰিৱৰ্তন কৰা হৈছে নেকি? ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া সমিতিৰ পৰামৰ্শৱলী কেতিয়া ৰূপায়ণ কৰিব?

বিৰোধী দলপতি গৰাকীৰ প্ৰশ্নোত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই উল্লিখিত উত্তৰ দিয়াৰ বিপৰীতে অসম চুক্তি ৰূপায়ণত সদায় কংগ্ৰেছে বিধিপথালি দি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে আৰু কয়,কংগ্ৰেছৰ দিনতে স্বাক্ষৰিত হোৱা চুক্তিখন কংগ্ৰেছে ৰূপায়ণ কিয় নকৰিলে বুলি ওলোতাই সোধে ৷ মন্ত্ৰী বৰাৰ এই বক্তব্যত ক্ষোভিত হৈ সদন উত্তাল কৰি তোলে কংগ্ৰেছী বিধায়কসকল।

কংগ্ৰেছ বিধায়ক সকলে পুনৰ প্ৰশ্নবান নিক্ষেপ কৰি কয়,অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰে মন্ত্ৰী গোট গঠন কৰি দিয়াৰ পাছত বৰ্তমান কি পদক্ষেপ লৈছে বুলি প্ৰশ্ন উদ্থাপন কৰে৷ মন্ত্ৰী বৰাই কয়,ছয় নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া সমিতিৰ প্ৰতিবেনন ইতিমধ্যে পৰীক্ষা কৰি থকা হৈছে ৷

আনহাতে এই বিতৰ্ক চলি থকাৰ মাজতে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিভাগীয় মন্ত্ৰী অতুল বৰাক উদ্দেশ্যি কয়, অগপই দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পাছত আৰু যোৱা সাতটা বছৰ শাসনত থকাৰ পাচতো অসম চুক্তি ৰূপায়ণত কিবা অগ্ৰগতি লাভ কৰিছেনে ৷

শিকদাৰৰৰ প্ৰশ্নোত্তৰত মন্ত্ৰী বৰাই তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰি কয়, কংগ্ৰেছে অসম চুক্তি কথা ক’লে শোভা নাপায় ৷ কংগ্ৰেছে ক’লে ভুতৰ মুখত ৰাম নাম যেন লাগে বুলি কটাক্ষ কৰে ৷

মন্ত্ৰী অতুল বৰাৰ এই বক্তব্য শুনাৰ পাছতে কংগ্ৰেছী বিধায়ক সকলে সদন উত্তাল কৰি তীব্ৰ প্ৰতিবাদ কৰি প্ৰশ্নকালীন ঘণ্টাৰ সময়ছোৱাৰ বাবে সদন ত্যাগ কৰে ৷ এইদৰে আজি অসম চুক্তি ৰূপায়ণক লৈ শাসক আৰু বিধায়কৰ মাজত তীব্ৰ বাকবিতণ্ডা চলে ৷ উল্লেখ্য যে, অসম বিধান সভাৰ বাজেট অধিৱেশনৰ কাইলৈ অন্তিম দিন ৷

Exit mobile version