Sewa Utsav :
সুৰক্ষিত আৰু গুণগত মানবিশিষ্ট স্বাস্থ্য সেৱা প্ৰদানৰ দিশত তথা ভাৰতীয় জনস্বাস্থ্য মানলৈ উন্নীত কৰা লক্ষ্যৰে সমগ্ৰ ৰাজ্যৰ লগতে লখিমপুৰ জিলাতো স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে ।
এই সন্দৰ্ভত আজি লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল যোগে লখিমপুৰ স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ গুণীন কুমাৰ গগৈ আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই কথা সদৰী কৰে ।
জিলাখনৰ স্বাস্থ্য বিভাগৰ উদ্যোগত ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ অনুষ্ঠিতব্য এই সময়ছোৱাত ৰাজ্যৰ ১১৫২ খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানকে ধৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়, ৯ খনকৈ সামূহিক চিকিৎসালয় আৰু আদৰ্শ চিকিৎসালয় লগতে ২৯ খনকৈ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকে ধৰি জিলাখনৰ মুঠ ৩৯ খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হ’ব।
স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ গুণীন কুমাৰ গগৈয়ে উল্লেখ কৰা মতে এই উৎসৱৰ জৰিয়তে স্বাস্থ্য সেৱাত থাকি যোৱা আসোঁৱাহ তথা ক্ৰুটিসমূহ দূৰ কৰাৰ প্ৰচেষ্টা চলোৱা লগতে আন্তঃমূল্যায়ন আৰু বহি: মূল্যায়নৰ ব্যৱস্থা থাকিব।
উল্লেখযোগ্য যে জিলা স্বাস্থ্য সমিতি লখিমপুৰৰ উদ্যোগত আৰু জিলা উপায়ুক্ত সুমিত ছাত্তাৱানৰ নেতৃত্বত স্বাস্থ্য সেৱা উৎসৱক কেন্দ্ৰ কৰি জিলাখনৰ স্বাস্থ্য বিভাগে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু সম্প্ৰতি সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।






























