Gurufela Health Swastwaa Sewa Utsav : গুৰুফেলাত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত

WhatsApp Image 2023 04 06 at 7.35.11 PM

Gurufela Health Swastwaa Sewa Utsav :

অসম চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ৰাজ্যজুৰি স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰি আহিছে । সমান্তৰালভাৱে গোসাইগাওঁ‌ মহকুমাৰ কচুগাঁ‌ও স্বাস্থ্য খণ্ডৰ অন্তৰ্গত গুৰুফেলা ৰাজ্যিক চিকিৎসালাত আজি স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হয় ।

অনুষ্ঠানত নিৰীক্ষক হিচাপে সহকাৰী আয়ুক্ত কোকিল দাস আৰু ধুবুৰী মেডিকেল কলেজৰ চিকিৎসক ডক্টৰ ফিৰদুছ আহমেদে পৰ্য্যবেক্ষন কৰে।

এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ চিকিৎসালয়ৰ বিভিন্ন অভাৱ-অভিযোগবোৰ নাইকিয়া হব বুলি উল্লেখ কৰে গুৰুফেলা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ড°মধুসুধন কলিতাই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সহকাৰী আয়ুক্ত দণ্ডাদীশ কোকিল দাস,ধুবুৰী মেডিকেল কলেজৰ চিকিৎসক ড° ফিৰদুছ আহমেদ, ড°এম কলিতা,ড° ভাৰতী ব্ৰহ্ম,বিপিএম খগেন্দ্ৰ বসুমতাৰী আৰু কিচমৎ আলীৰ লগতে স্থানীয় শিক্ষক মংগল সাহা আৰু স্থানীয় ৰাইজসকল।

Exit mobile version