Nagaon Police Officer Arrested:এইবাৰ হাত দাঙিলে আৰক্ষী বিষয়াই

ৰিটায়াৰ হ'বলৈ বাকী আছিল মাত্ৰ এমাহ,নগাঁও সদৰ থানাৰ উপ- পৰিদৰ্শক দুৰ্নীতি নিবাৰকৰ জালত

WhatsApp Image 2023 04 06 at 11.40.00 AM 1

Nagaon Police Officer Arrested:

এশ গৰু মাৰিলে বাঘৰো মৰণ৷এই আপ্তবাক্য শাৰি প্ৰযোজ্য হ’ল এজন আৰক্ষী বিষয়াৰ ক্ষেত্ৰত ৷ উৎকোচ লওতেই হাতে-লোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাই ৷ উল্লেখ্য যে,ধৃত আৰক্ষী বিষয়া গৰাকী ৰিটায়াৰ হ’বলৈ বাকী আছিল মাত্ৰ এমাহ ৷

প্ৰাপ্ত তথ্য মতে, নগাঁও সদৰ থানাত উপ- পৰিদৰ্শক ৰূপে কৰ্মৰত সুৰুজ উল হক নামৰ আৰক্ষী বিষয়াজনে গোচৰ এটা মিমাংসা কৰাৰ বিনিময়ত এজন লোকৰ পৰা নগদ ১৫ হাজাৰ টকা ঘোচ লওঁতেই ইতিমধ্যে খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাই বিষয়াই হাতে-লোটে আটক কৰে ৷

উল্লেখ্য যে,ঘোচ ল’বৰ বাবে সংশ্লিষ্ট লোক জনক আৰক্ষী বিষয়া গৰাকীয়ে তেওঁৰ পুলিচ ৰিজাৰ্ভৰ চৰকাৰী আবাস গৃহলৈ মাতে ৷

কিন্ত ইতিমধ্যে সমস্ত বিষয়টো ব্যক্তিজনে দুৰ্নীতি নিবাৰক শাখাৰ দৃষ্টিগোচৰ কৰে ৷ আৰক্ষী বিষয়াজনৰ নিৰ্দেশ অনুযায়ী বুধবাৰে নিশা ভাগত টকা ১৫ হেজাৰ লৈ পুলিচ ৰিজাৰ্ভৰ চৰকাৰী বাসগৃহত উপস্থিত হয় ৷ এছ আই সুৰুজ উল হকে ১৫ হেজাৰ টকা উৎকোছ লওতেই হাতে- লোটে ধৰে দুৰ্নীতি নিবাৰকে ৷

ধৃত আৰক্ষী বিষয়াজনক নিশাই গুৱাহাটীলৈ আনে দুৰ্নীতি নিবাৰক শাখাই ৷ জানিব পৰা মতে,এছ আই সুৰুজ উল হকৰ নিজ বাসগৃহ সহ আন আন স্থানত দুৰ্নীতি নিবাৰক শাখাই অধিক তথ্যৰ বাবে আজি অভিযান চলোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version