President Murmu To Spend The Night At Police Guesthouse In Kaziranga:কাজিৰঙাত অৱস্থিত আৰক্ষী অতিথিশালাত নিশা কটাব  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

WhatsApp Image 2023 04 06 at 6.33.26 PM

President Murmu To Spend The Night At Police Guesthouse In Kaziranga:

গোলাঘাট জিলাৰ কাজিৰঙাত থকা অসম আৰক্ষীৰ অতিথিশালাত আজি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিশাটো কটাব।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত এই অতিথিশালাটি নিৰ্মাণ কৰা হৈছিল। গোলাঘাট জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়ৰ নেতৃত্বত আৰু প্ৰত্যক্ষ তত্বাবধানত এই ভৱনটি নিৰ্মাণ কৰা হৈছিল।

এই ভৱনটিত ছটা কোঠালি আছে। এখন বাগিচাৰ লগতে অত্যাধুনিক সা-সুবিধাৰে সজ্জিত এই অতিথি শালাটিৰ আৰ্হি প্ৰস্তুতৰ লগতে সামগ্ৰিক পৰিকল্পনা কৰিছিল তদানীন্তন আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক মানবেন্দ্ৰ দেব ৰয়ে।

এই অতিথিশালাটো ৰাজ্য চৰকাৰৰ পুঁজি আৰু অ’ এন জি চি আৰু এন আৰ এলৰ পৰা লাভ কৰা আৰ্থিক অনুদানৰ লগতে স্থানীয় ৰাইজৰ দান-বৰঙণিৰে নিৰ্মিত হৈছিল।

উল্লেখ্য যে এই আৰক্ষী অতিথিশালাতে ২০২২ চনত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দয়ো নিশা কটাইছিল।

Exit mobile version