Union Minister Sarbanandra Sonowal : অসমত এক মুখ্য যোগ পৰ্যটন স্থলী হোৱাৰ সম্ভাৱনা আছে: আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0e970647 22b1 428c 83de 01874864b5ac

Union Minister Sarbanandra Sonowal :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শুক্ৰবাৰে অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৩ৰ ৭৫ দিনৰ পূৰ্বৰ ‘যোগ মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত এখন সংবাদ মেল সম্বোধন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

সংবাদমেলত সোণোৱালে অসমত একেৰাহে দুবাৰকৈ যোগ মহোৎসৱ সফলতাৰে আয়োজন কৰি ইতিমধ্যে অসম দেশৰ এক মুখ্য যোগ পৰ্যটন গন্তব্য স্থান ৰূপে চিহ্নিত হৈছে বুলি উল্লেখ কৰে৷

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শুক্ৰবাৰে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ২০২৩ ‘যোগ মহোৎসৱ”ৰ ৭৫ দিনীয়া বিস্তৃত কাৰ্যসূচী সম্পৰ্কত আলোকপাত কৰে ৷

মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ চৌহদত নিৰ্মীয়মান পঞ্চকৰ্মা ভৱন আৰু অত্যাধুনিক পৰীক্ষাগাৰযুক্ত ফাৰ্মাক’ল’জী আৰু ৰসায়ন বিজ্ঞান ভৱনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ কথা সদৰি কৰি কয়, কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ (চিএআৰআই) পঞ্চকৰ্মখণ্ড আৰু ফাৰ্মাকোলজী আৰু ৰসায়ন পৰীক্ষাগাৰত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ সন্দৰ্ভত দুয়োটা প্ৰকল্প ২০২৩ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত হ’ব বুলি প্ৰকাশ কৰে।

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে, মহানগৰীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ( চিএআৰআই) চৌহদত থকা ভেষজ বাগিচাত মধুৰিআমৰ এটা গছপুলিৰো ৰোপণ কৰিছিল।

উল্লেখ্য যে,ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া আন্ত:ৰাষ্ট্ৰীয় যোগ মহোৎসৱত অসম, মণিপুৰ,অৰুণাচল আৰু মেঘালয়ৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত,ড০ সপম ৰঞ্জন সিং,আলো লিবাং,ড০ মাজেল আমপাৰিন লিংডো,অসমৰ উদ্যোগ মন্ত্ৰী বিমল বৰা,শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ ছিকিমৰ নগৰ উন্নয়ন মন্ত্ৰী এল বি দাস,হাউচফেডৰ অধ্যক্ষ ভৱেশ কলিতা, ডিব্ৰুগড়ৰ বিধায়ক তথা এ আই ডি চিৰ অধ্যক্ষ প্ৰশান্ত ফুকন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জীতেন হাজৰিকা৷

Exit mobile version