Assam Legislative Assembly Spl Session:ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বিশেষ অধিৱেশন

কোকৰাঝাৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন

WhatsApp Image 2023 04 07 at 2.51.48 PM

Assam Legislative Assembly Spl Session:

দিছপুৰৰ বাহিৰত ইতিমধ্যে ৰাজ্য কেবিনেটৰ কে’বাখনো বৈঠক অনুষ্ঠিত কৰাৰ পাছত এইবাৰ ৰাজ্যৰ ভিন্ন জিলাত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বিশেষ অধিৱেশন

ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে এতিয়াৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন ৷
সেই অনুসৰি প্ৰথম পদক্ষেপ হিচাপে বিধানসভাৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত কোকৰাঝাৰত ৷

যোৱাকালি অন্ত পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শেষৰটো দিনত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনত কয় যে, বিধানসভা খন ৰাজ্য কাষলৈ লৈ যোৱাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে ৷

দিছপুৰতে সীমাবদ্ধ নাৰাখি পৰ্যায়ক্ৰমে আন আন জিলা বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব ৷ আগন্তুক বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব কোকৰাঝাৰত ৷ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মায়েও ৰাজধানী বাহিৰত অধিৱেশন আয়োজনৰ ক্ষেত্ৰত ইতিবাচক সহাৰী জনাইছে বুলি সদনত উল্লেখ কৰে ৷

Exit mobile version