Gclo Press Release:যিকোনো মূহুর্তত অসম-বংগ ৰক্তাক্ত কৰাৰ হুংকাৰ উগ্ৰপন্থী সংগঠন জিচিএলঅৰ

WhatsApp Image 2023 04 07 at 8.19.37 PM

Press Release :

যি সময়ত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে বিদ্ৰোহী সংগঠন সমূহক আলোচনাৰ মাজলৈ আনি সমস্যাসমূহ সমাধান কৰি আছে। ঠিক তেনে সময়তে কেএলঅৰ সেনাধ্যক্ষ জীৱন সিংহক শান্তি আলোচনালৈ মাতি আনি চৰকাৰে আলোচনাৰ নামত প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উগ্ৰপন্থী সংগঠন জিচিএলঅই।

আজি গ্ৰেটাৰ কোচবিহাৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ জিচিএলঅৰ সভাপতি নিৰ্মল ৰায়ে সংবাদ মাধ্যমলৈ ভিডিও বাৰ্তা প্ৰেৰণ কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোচ বিহাৰবাসী ৰাইজৰ লগত গদ্দাৰী কৰিলে।

উক্ত ভিডিও বাৰ্তাত জিচিএলঅৰ সভাপতি নিৰ্মল ৰায়ে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো তীব্ৰ সমালোচনা কৰাৰ লগতে আলফাত থকা কোচৰাজবংশী যুৱকসকলক জাতীয় স্বাৰ্থত আলফাৰ পৰা আতৰি আহিবলৈ আহ্বান জনায়।

ইপিনে উক্ত ভিডিও বাৰ্তাতে কেএলঅৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱক জাতিদ্ৰোহী আখ্যা জিচিএলঅৰ সভাপতি নিৰ্মল ৰায়ৰ।

দিলীপ নাৰায়ণ দেৱে চৰকাৰৰ পৰা টকা লৈ কেএলঅৰ শান্তি আলোচনা স্তব্ধ কৰিলে বুলি বিষ্ফোৰক মন্তব্য জিচিএলঅৰ সভাপতি নিৰ্মল ৰায়ৰ। লগতে জিচিএলঅৰ সভাপতি নিৰ্মল ৰায়ে কোচৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা কেএলঅৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী বিশ্বজীৎ ৰায়ক সুবিধাবাদী নেতা আখ্যা দিয়ে।

Exit mobile version