Traffic Penalty In Nagaon:ন’ পাৰ্কিঙত থোৱা আৰক্ষীৰ বাহনক ট্ৰেফিক আৰক্ষীয়ে বিহিলে জৰিমনা

WhatsApp Image 2023 04 07 at 8.02.15 PM

Traffic Penalty In Nagaon:

আইনৰ উৰ্দ্ধত কোনো নহয়৷ এই কথাষাৰ আখৰে আখৰে পালন কৰিলে নগাঁও ট্ৰেফিক আৰক্ষীয়ে ৷ আৰক্ষীয়ে সাধাৰণ লোকৰ ওপৰত জৰিমনা বিহাটো প্ৰায়ে দেখা যায় ৷

কিন্ত আজি নগাঁৱত আৰক্ষীয়ে আৰক্ষীৰ বাহনকে বিহিলে জৰিমনা ৷ ন’ পাকিং জ’নত এজন আৰক্ষী বিষয়াই তেওঁৰ এএছ৩০-৮৮১২ নম্বৰৰ গাড়ীখন ৰখাই থৈছিল ৷

ন’ পাকিং গাড়ী ৰখাই থোৱাৰ বাবে কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীয়ে চকাত লগাই দিয়ে কেঁকুৰা ৷ অলপ পাছত গাড়ীখনৰ গৰাকী তথা আৰক্ষী বিষয়াজন আহি খঙত অগ্নিশৰ্মা হৈ পৰে যদিও ভৰিবলগীয়া হয় দুহেজাৰ টকা ৷

Exit mobile version