Bhawanipur : ভৱানীপুৰত দুটা পথৰ আধাৰশিলা স্থাপন বিধায়ক ফনীধৰ তালুকদাৰৰ

IMG 20230412 WA0032

Bhawanipur :

‘বিজেপিৰ প্ৰাক্তণ বিধায়ক অশোক শৰ্মাই অপাত্ৰ হাতত শাসনভাৰ গোটাই দিয়া বুলি ক’বলগীয়া কথা নাছিল।হয়তো অশোক শৰ্মাৰ জিভা পিচলিল।অশোক শৰ্মাই যদি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকেই ‘অপাত্ৰ’ বুলি বুজাইছে,ড° হিমন্ত বিশ্ব শৰ্মা যদি ‘অপাত্ৰ’ হয় তাতোকৈ পাত্ৰ ভাৰতবৰ্ষৰ ভিতৰত ওলোৱা নাই।

অশোক শৰ্মাই যদি এগৰাকী পাকৈত,দক্ষ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকেই ‘অপাত্ৰ’ বুলি কয়, তেতিয়াহ’লে তাতোকৈ আৰু মুৰ্খামি নাই।কাৰণ ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী গৰাকীয়েই হ’ল ড°‌ হিমন্ত বিশ্ব শৰ্মা।’এইদৰে কয় ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে আজি ভৱানীপুৰ সমষ্টিৰ সৰুপেটাত এটা পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত।

উল্লেখ্য যে- ভৱানীপুৰ বিধানসভা সমষ্টিত সমষ্টিটোৰ বিধায়ক ফনীধৰ তালুকদাৰে আজি দুটা পকী পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিটিচি এলেকাধীন আনন্দ বজাৰত আনন্দ বজাৰ – শান্তি বজাৰ পথ আৰু সৰুপেটা বজাৰৰ মাজেৰে সৰুপেটা ৰেল ষ্টেচন সংযোগী পথৰ পৃথকে পৃথকে আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বিধায়ক ফনীধৰ তালুকদাৰে।

লোক নিৰ্মাণ বিভাগৰ অধীনত হ’ৱলগীয়া মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ (এম এম পি পি এন এ) আঁচনিৰ অধীনত মুঠ ৪ কোটি ৭৭ লাখ টকা ব্যয় সাপেক্ষে দুয়োটা পথৰ নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব।দুয়োটা পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বুদ্ধদেৱ পাটগিৰি, সমাজকৰ্মী প্ৰভাত তালুকদাৰৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে।

Exit mobile version