China : বিশ্বত প্ৰথম H3N8 বাৰ্ড ফ্লু ভাইৰাছত মহিলাৰ মৃত্যু !

download 2 2

China :

H3N8 বাৰ্ড ফ্লু ভাইৰাছত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ জনালে বিশ্ব স্বাস্থ্য সংস্থাই। প্ৰথমবাৰৰ বাবে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে এগৰাকী মহিলাৰ ।

অৱশ্যে, বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছৰ প্ৰজাতি মানুহৰ সংক্ৰামক নহয় বুলি আশ্বাস দিছে । তদুপৰি, এই প্ৰজাতি মানুহৰ শৰীৰত পোৱা নাযায় বুলিও জনাইছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জাৰী কৰা এক বিবৃতি অনুসৰি, মৃত মহিলাগৰাকীৰ বয়স ৫৬ বছৰ। তেওঁ চীনৰ দক্ষিণৰ গুয়াংডং প্ৰদেশত থাকে।

তৃতীয়জন ব্যক্তি এই ভাইৰাছত সংক্ৰমিত হৈছে। তেওঁলোক সকলো চীনৰ বাসিন্দা। বাকী দুজন অৱশ্যে যোৱা বছৰ সংক্ৰমিত হৈছিল।

যদিও আগতে দুজন আক্ৰান্ত হ’লেও মৃত্যু এইয়ে প্ৰথম। অৱশ্যে, মহিলাগৰাকীৰ মৃত্যুৰ বিস্তাৰিত তথ্য পোৱা হোৱা নাই । বিশ্ব স্বাস্থ্য সংস্থাই জনাই যে তেওঁৰ সংক্ৰমণৰ একাধিক লক্ষণ আছে।

যদিও ই মানুহৰ ক্ষেত্ৰত বিয়পি নপৰে চৰাইৰ ক্ষেত্ৰত H3N8 ভাইৰাছ অতি সচৰাচৰ হয়। অন্যান্য স্তন্যপায়ী প্ৰাণীও ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য পোৱা গৈছে।

কিন্তু ভাইৰাছটো ব্যক্তিৰ পৰা ব্যক্তিলৈ বিয়পি পৰাৰ সম্ভাৱনা অতি কম। বিশ্ব স্বাস্থ্য সংস্থাই জনাই যে স্থানীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ভাইৰাছটোৰ বিষয়ে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।

Exit mobile version